কবিতাঃ এজন মানুহে তেওঁৰ জীৱনত / য়েহুদা আমিখাই

Posted by : translatorsassam
March 20, 2021

 

এজন মানুহে তেওঁৰ জীৱনত (A Man in His Life)

মূল – য়েহুদা আমিখাই (ইজৰাইল)

অসমীয়া অনুবাদ – ড° বিৰিঞ্চি
কুমাৰ দাস

 

 

এজন মানুহে তেওঁৰ জীৱনত
সময় নাপায়

প্ৰতিটো কথাৰ বাবে সময়
পাবলৈ।

জীৱনত তেওঁৰ পৰ্যাপ্ত ঋতু নাথাকে

প্ৰতিটো উদ্দেশ্যৰ বাবে
ঋতু পাবলৈ

এই বিষয়ত যাজকসকলৰ কথাবোৰ
ভুল আছিল।

মানুহ এজনক লাগে একেটা
মুহূৰ্ততে ভাল পাবলৈ আৰু ঘিণ কৰিবলৈ

একে চকুৰে হাঁহিবলৈ আৰু
কান্দিবলৈ

একে হাতেৰে শিল দলিয়াবলৈ
আৰু সেইবোৰ বুটলি অানিবলৈ
,

যুদ্ধত প্ৰেম কৰিবলৈ আৰু
প্ৰেমত যুদ্ধ কৰিবলৈ।

আৰু ঘিণ কৰিবলৈ আৰু ক্ষমা
কৰিবলৈ আৰু স্মৰণ কৰিবলৈ আৰু পাহৰিবলৈ

সজাবলৈ আৰু খেলিমেলি
কৰিবলৈ
, খাবলৈ আৰু হজম কৰিবলৈ,

যি কৰিবলৈ ইতিহাসে

বছৰৰ পাছত বছৰ লয়।

এজন মানুহৰ সময় নাথাকে।

যেতিয়া তেওঁ হেৰুৱায়, তেওঁ বিচাৰে, যেতিয়া তেওঁ পায়

তেওঁ পাহৰে, যেতিয়া তেওঁ পাহৰে, তেওঁ প্ৰেম কৰে, যেতিয়া তেওঁ প্ৰেম কৰে

তেওঁ পাহৰিবলৈ আৰম্ভ কৰে।

আৰু তেওঁৰ আত্মা পটু, আত্মা বৰ নিপুণ তেওঁৰ।

তেওঁৰ শৰীৰহে কেৱল

অপটু। ই যত্ন কৰে আৰু ব্যৰ্থ হয়,

বিশৃঙ্খল হৈ পৰে, একো এটা নিশিকে,

মাতাল হয়, আৰু অন্ধ হয়

ইয়াৰ আনন্দত

আৰু ইয়াৰ বেদনাত।

তেওঁ মৰে শৰৎ কালত
ডিমৰুবোৰ মৰাৰ দৰে

শুষ্ক, আত্মকেন্দ্রিক আৰু মিঠা,

পাতবোৰ মাটিত শুকাই যায়,

উদং ডালবোৰে আঙুলিয়াই
থাকে সেইখিনি ঠাইলৈ

ত প্ৰতিটো কথাৰ বাবে সময়
আছে।

 

Popular Post

ঐতিহাসিক চিঠি