কবিতাঃ এজন বুঢ়া—ভাৰাভাৰা ৰাও

Posted by : translatorsassam
November 25, 2020

অনূদিত অসমীয়া কবিতা

এজন বুঢ়াভাৰাভাৰা ৰাও

মূলঃ হূবনাথ পাণ্ডে

অনুবাদঃ বিতোপন গগৈ

 

এজন বুঢ়া

দুবছৰৰ পৰা কাৰাৰুদ্ধ

জামিন নামঞ্জুৰ

প্ৰতি বাৰে, বাৰে বাৰে

এজন ৰুগীয়া বুঢ়া

চৰকাৰী চিকিৎসালয়ত

নিজৰ স্মৃতিশক্তি হেৰুৱাই

আশী বছৰ বয়সত

নিজৰ ঘৰ-পৰিয়ালৰ পৰা আঁতৰত

বহু দূৰত, কিজানি

আৰু কেতিয়াও গচকিবলৈ নাপাব

নিজৰ চোতালখন

কেতিয়াও লিখিব নোৱাৰিব
কবিতা

আৰু কেতিয়াও লিখিব নোৱাৰিব
সত্য

কেতিয়াও দিব নোৱাৰিব ভাষণ

আৰু কিজানি

কেতিয়াও নিজে দিব নোৱাৰিব
এটা খোজ

কৰণাৰ এই আতংকত

ভীতিগ্ৰস্ত ব্যৱস্থাটোৰ

ইমান ভয়

এজন ৰুগীয়া বুঢ়ালৈ

তেওঁৰ কবিতালৈ

তেওঁৰ কথালৈ

যে জামিন দিবলৈও

কঁপি উঠে এই ব্যৱস্থা

প্ৰমাণ এয়াই যে

আন্ধাৰে এতিয়াও ভয় কৰে

পোহৰৰ সামান্য এটা এটা
কণালৈ

কাঠৰ ৰাৱণে জানে

নিজৰ অসামৰ্থ্যতাৰ কথা

কলমৰ শক্তি এতিয়াও বেছি

শাসকৰ সামৰ্থ্যৰ সমুখত

চিন্তা কোনো পৰিস্থিতিতে
নমৰে

কেতিয়াও ভীতিগ্ৰস্ত নহয়

মানুহ বুঢ়া হৈ গলেও

কেতিয়াও বুঢ়া নহয় চিন্তা

সুৰক্ষাৰ অসীম সুবিধাৰে
পৰিবেষ্টিত হৈও

শাসক কেতিয়াও ভয়মুক্ত হব নোৱাৰে

আৰু শব্দৰ শক্তি

শাসকতকৈ বেছি

বহুত বেছি।

 

Popular Post

ঐতিহাসিক চিঠি