কবিতাঃ এজন কবিৰ সাক্ষাৎকাৰ/ নিৰ্মলেন্দু গুণ

Posted by : translatorsassam
October 2, 2020

এজন কবিৰ সাক্ষাৎকাৰ
মূল বাংলাঃ নিৰ্মলেন্দু গুণ
অনুবাদঃ ড৹ বিৰিঞ্চি কুমাৰ দাস


বাৰু,
চমুকৈ কবিতা বুলিলে আপুনি কি বুজে?


মানুহ ।

আপোনাৰ কবিতাত ৰাজনীতিৰ ব্যৱহাৰ বৰ বেছি, ধাৰণা হয়

আপুনি শিল্পৰ দিশটোক বিশেষ এটা —- ইয়াৰ কাৰণ কি?


মানুহ ।

স্বৰ্গ,
নৰক; এইবোৰ বিষয়ত আপোনাৰ
মনোভাৱ জানিব বিচাৰোঁ ।

অলপ সহজভাৱে বুজাই কবনে?


বৰ সহজভাৱে কবলৈ হলে কব লাগিব,
মানুহ ।

মানুহৰ মৃত্যু হলে তাৰ পিছত, কিবা ভাবিছেনে?


হয়, ভাবিছোঁ, তাৰ পিছতো মানুহ ।

সকলো প্ৰশ্নৰে উত্তৰ যদি মানুহ, তেনেহলে এইবাৰ কওঁক

মানুহ বুলিলে আপুনি কি বুজে?


সমাজবদ্ধ শ্ৰমজীৱী মানুহ ।

: তেনেহলে শেষত কথাটো কত আহি ৰ?


ৰোৱা নাই, চলি থাকিল ।

: মানিলোঁ চলি থাকিল, কিন্তু কিহে মানুহক দিলে

এই অন্তহীন চলাৰ গতি? সেয়া কোনো পৰম শক্তি
নহয়নে
?


হয়, মানুহতো পৰম শক্তিয়েই
। ঠিকেই কৈছে ।

তাৰ মানে,
আপুনি কব বিচাৰে, এই সুন্দৰ পৃথিৱী, এই

মহাশূন্যমুগ্ধ সৌৰলোক, এই মাটি, এই আকাশ,
বতাহ

এইবোৰ সৃষ্টি কৰিছে মানুহে?


হয়, মানুহে ।

: কওঁকচোন,
কেনেকৈ?

সন্তানে যেনেকৈ
সৃষ্টি কৰে তাৰ মাকক
, দেউতাকক ।

Popular Post

ঐতিহাসিক চিঠি