কবিতাঃ আৰু এটা প্ৰেমৰ কবিতা / দুন্যা মিখাইল

Posted by : translatorsassam
May 1, 2021

অনুবাদত অসমীয়া কবিতা


আৰু এটা প্ৰেমৰ কবিতা

মূলঃ দুন্যা মিখাইল

অনুবাদঃ ধ্ৰুৱ শইকীয়া


 


আৰু এটা দিন যদি পালোহেঁতেন

প্ৰেমৰে কবিতা লিখিলোহেঁতেন এটা

মাথো এটা শব্দৰ কবিতা হব সেইটো

বাইনেৰি কোডৰ ঘটিব পুনৰাবৃত্তি৷

তাক মই পুৰণ কৰিম সেই সংখ্যাৰে

তোমাক যিমানদিন নোকোৱাকৈ থাকিলো সেই দিনৰ সংখ্যা  

যোগ দিম দিনবোৰ

 

মই যেতিয়া নিৰৱতাৰে ব্যক্ত কৰিছিলো

কাৰণ মই কব খুজিছিলো

বাৰে বাৰে ৷ এটা ভোমোৰাৰ দৰে

ফুলৰ ৰেণু গোটাই ফুৰা৷ ময়ো গোটাম

 

এটা শব্দেৰে এবাৰ কৈ দিয়া আটাইবোৰ কথা

বর্গমূলৰ দৰে

পূৰণ কৰিম দহৰ ঘাতকেৰে, আৰু

সেই দিনটোও মই গণনা কৰিম

 

তোমৰ ওপৰত উঠা মোৰ খঙে

যেতিয়া মোক এটুকুৰা শিলত পৰিণত কৰিলে

লগতে সেইদিনেবোৰ যেতিয়া মই আঁতৰত আছিলো

পষ্টকার্ড এখনৰ দৰে মোৰ গান

পঠিয়াই দিছিলো নি;সংগতালৈ

পৃথিৱীৰ সৈতে মোৰ প্ৰতি মৰম স্পর্শেৰে

অনুভৱ কৰিছিলো তোমাকে৷

 

দিনবোৰ মোৰ মই গণনা কৰিম 

আনকি পৃথিৱীলৈ অহাৰ আগৰে সেই নটা মাহৰ প্ৰতিটো দিন

যাতে ঘোষণা কৰিব পাৰো মই

বিকাশৰ এই সূচাংক আই লাভ ইউ

Popular Post

ঐতিহাসিক চিঠি