কবিতাঃ আন্না শ্বিৰৰ কবিতা

Posted by : translatorsassam
May 29, 2020

আন্না শ্বিৰৰ
কবিতা

ইংৰাজী: চেস্বোৱাফ মিলোজ
              লিঅনাৰ্ড নাথান
অসমীয়া ভাষান্তৰ: দ্বিজেন কুমাৰ দাস

এক:


যিদৰে গছৰ আছে বতাহৰ প্ৰতি 
সাগৰৰ প্ৰতি শঙ্খৰ
যিদৰে জীৱনৰ আছে যন্ত্ৰণাৰ প্ৰতি
মৃত্যুৰ প্ৰতি সময়ৰ
দুৰ্নিবাৰ ভালপোৱা
তেনে ভালপোৱাৰেই মই পূৰ্ণ এতিয়া৷

দুই: 


সেউজীয়াৰ মাজতে
আমাৰ ভালপোৱাৰ বাহ সাজিছা
মোহাৰি পেলোৱা ফুলবোৰলৈ
মন জানো কৰিছা?

তিনি:


মই সাঁতুৰিলোঁ মোৰ পৰা
নামাতিবা
তাতকৈ আহা সাঁতুৰি
তোমাৰ পৰা
আহা
দুয়ো একেলগে সাঁতোৰোঁ– শৰীৰ এৰি
দুয়োৰে পৰা
আমাৰ শৰীৰ দুটা 
হৈ ৰওঁক এযোৰ চেণ্ডেল
সাগৰ পাৰত পৰি থকা!

চাৰি:


মোৰ লগত দুটা আলু
তাকে দেখি আগবাঢ়ি আহিল
এজনী তিৰোতা
কিনিব বিচাৰিলে মোৰ পৰা
ঘৰত তেওঁৰ ছোৱালী- লৰা
লুকাই থলো আলু দুটা
নিদিলো তেওঁক
ঘৰত মোৰ মা! 
কবি পৰিচয় :
পোলেণ্ডৰ কবি আন্না শ্বিৰৰ প্ৰকৃত নাম আন্না
শ্বিৰছজাইনস্কা৷ ১৯০৯
 চনত পলেণ্ডৰ ৱাৰশ্বত জন্ম, মৃত্যু ১৯৮৪ চনত৷ পলমকৈ গুৰুত্ব লাভ কৰা এইগৰাকী কবিৰ কবিতাত দ্বিতীয় বিশ্বযুদ্ধ, মাতৃভূমি, নাৰীমন, আদি বিষয়ক ঘাই
উপজীৱ্যৰূপে দেখা পোৱা যায়৷
উল্লেখযোগ্য গ্ৰন্থ: 
বিল্ডিং দ্য বেৰিকেড, টকিং টু মাই বডি, হেপী এজ ডগছ টেইল ইত্যাদি

Popular Post

ঐতিহাসিক চিঠি