কবিতাঃ অক্টোবৰ / লুইজ এলিজাবেথ গ্লুক

Posted by : translatorsassam
October 11, 2020

সাহিত্যৰ নবেল বিজয়ী লুইজ এলিজাবেথ গ্লুকৰ কবিতা October
ৰ প্ৰথমচোৱা

অক্টোবৰ
মূল: October
কবি: লুইজ এলিজাবেথ গ্লুক
অনুবাদ: কিশোৰ কুমাৰ দাস

 

১।

আকৌ শীত আহিল নেকি? আকৌ ঠাণ্ডা পৰিল নেকি?

ফ্ৰাংকে জানোঁ বৰফত শুই পৰা নাই? 

সি ভাল পোৱা নাই নে? বসন্তৰ বীজবোৰ ৰোপণ কৰা
নাইনে
?

 

নিশাটো শেষেই হোৱা নাই নে?

গলা বৰফৰ পানীয়ে ঠেক নলাবোৰ ওপচাই পেলোৱা নাই নে?

 

মোৰ দেহটো ৰক্ষা পৰা নাই নে? এইটো নিৰাপদ নহয়নে?

 

ক্ষতবোৰ আঘাটতকৈ অদৃশ্য নহয়নে?

 

আতংক আৰু ঠাণ্ডা

এইবোৰ শেষ হোৱা নাইনে?

পিছফালৰ বাগিছাখনত শস্য ৰোৱা হোৱা নাইনে?

 

মনত পৰে মাটি চুই কেনেকুৱা লাগে,
ৰঙা আৰু গভীৰ

সুসংবদ্ধ শাৰীবোৰত গুটিবোৰ ৰোৱা হোৱা নাইনে?

লতাবোৰ দক্ষিণৰ বেৰখনত বগোৱা নাইনে?

 

মই তোমাৰ মাত শুনিবলৈকে পোৱা নাই

মুক্ত পথাৰখনত সুহুৰিয়াই থকা বতাহৰ কান্দোনৰ বাবে

 

আৰু মন নকৰোঁ

যি শব্দই নকৰক কিয়

 

যেতিয়া মই মৌন হৈ আছিলো

শব্দবোৰ বৰ্ণনা কৰিবলৈ ইমান গুৰুত্বপূৰ্ণ নাছিল

 

যেনেকুৱা শব্দই নহওক কিয় ই বস্তুটোক সলাব নোৱাৰে

 

নিশাটো শেষেই হোৱা নাই নে? শস্য ৰোৱাৰ সময়ত মাটিখিনি
বিপদমুক্ত আছিলনে
?

 

বীজবোৰ আমি ৰোৱা নাইনে?

মাটিৰ বাবে আমিবোৰ প্ৰয়োজনীয় হয়নে?

 

লতাবোৰৰ পৰা শস্য চপোৱা হলনে?

 

Popular Post

ঐতিহাসিক চিঠি