এলবাৰ্ট আনষ্টাইনে তেওঁৰ জীয়ৰীলৈ লিখা চিঠি

Posted by : translatorsassam
June 26, 2020

এলবাৰ্ট আইনষ্টাইনে তেওঁৰ জীয়াৰীলৈ লিখা চিঠি

অনুবাদঃ দেৱাশ্ৰী বৰগোহাঁই


চিঠিখন এলবাৰ্ট
আইনষ্টানে তেওঁৰ জীয়ৰী লেইজাৰ্ললৈ লিখিছিল। ১৯৮০ চনত বিভিন্ন সময়ত ভিন ভিন ব্যক্তিলৈ
লিখা তেখেতৰ আন কেইবাখনো চিঠিৰ স’তে এই চিঠিখনো প্ৰকাশ কৰা হৈছিল।

(আপুনি APSCৰ বাবে প্ৰস্তুতি চলাই আছে
নেকি
? যদি
হয় ক্লিক কৰক)


মই যেতিয়া আপেক্ষিকতাবাদ
তত্ত্ব উত্থাপন কৰিছিলো খুব কম সংখ্যক লোকেহে ইয়াক বুজি পাইছিল আৰু আজি যি নতুন তথ্য
মানৱজাতিৰ আগত উন্মোচিত কৰিবলৈ ওলাইছো সিয়ো এই পৃথিৱীৰ কিছুমান ভ্ৰান্ত ধাৰণা আৰু কুসংস্কাৰৰ
স’তে সংঘৰ্ষ কৰিব লাগিব।

    মই আজি যি ব্যাখ্যা
কৰিবলৈ ওলাইছো সেইয়া বুজিব পৰাকৈ আমাৰ সমাজে অগ্ৰগতি লাভ নকৰালৈকে হয়তো কিছু বচৰ, কিছু
যুগ যিমান দিনলৈকে সম্ভৱ তোমাক এই পত্ৰখন সযতনে ৰাখিবলৈ অনুৰোধ জনালো।

    বিশ্বত এক অত্যন্ত
শক্তিশালী বল বা শক্তি আছে, যাৰ আনুষ্ঠানিক ব্যাখ্যা বিজ্ঞানীসকলে বৰ্তমানলৈকে আগবঢ়াবলৈ
সক্ষম হোৱা নাই। ই এনে এক বল য’ত সকলো সন্নিবিষ্ট আৰু যি সকলো নিয়ন্ত্ৰণ কৰে। বিশ্বব্ৰহ্মাণ্ড
পৰিচালনৰ সকলো পৰিঘটনাৰ আঁৰত এই বল আছে যদিও আজি পৰ্যন্ত আমি কোনেও ইয়াক চিনাক্ত কৰিব
পৰা নাই। এই সৰ্বজনীন বলেই হৈছে প্ৰেম।

    বৈজ্ঞানিকসকলে
যেতিয়া ব্ৰহ্মাণ্ডৰ একীকৃত তত্ত্ব বিচাৰি হাবাথুৰি খাইছিল তেওঁলোকে অতি শক্তিশালী এই
শক্তিবিধৰ কথা পাহৰি গৈছিল। প্ৰেম পোহৰ, যি প্ৰেম দিয়ে আৰু যি পায় তাক উজলাই তোলে।
প্ৰেম অভিকৰ্ষ, কাৰণ ই কিছুমান মানুহক আন এজনৰ প্ৰতি আকৰ্ষিত কৰি তোলে। প্ৰেম ক্ষমতা,
কাৰণ ই আমাক শ্ৰেষ্ঠৰ পৰা শ্ৰেষ্ঠতমলৈ উৰ্দ্ধিত কৰে আৰু মানৱতাক এন্ধাৰমুখী স্বাৰ্থপৰতাত
নিৰ্বাপিত হোৱাৰ অনুমতি নিদিয়ে। প্ৰেম উন্মেষিত আৰু প্ৰতিভাত। প্ৰেমৰ বাবেই আমি জীয়াই
থাকো আৰু প্ৰেমৰ বাবেই আমি মৰো। প্ৰেম ঈশ্বৰ আৰু ঈশ্বৰেই প্ৰেম।

    এই বলে সকলো ব্যাখ্যা
কৰিব পাৰে আৰু জীৱনৰ সংজ্ঞা নিৰূপিত কৰে। ই পৰিবৰ্তনশীল সেয়ে হয়তো দীৰ্ঘ সময়ৰ পৰা আমি
ইয়াক উপেক্ষা কৰি আহিছো। হয়তো আমি প্ৰেমলৈ ভয় কৰো, কাৰণ ই ব্ৰহ্মাণ্ডৰ এনে এক শক্তি
যাক মানুহে নিজ ইচ্ছাৰে পৰিচালন কৰিবলৈ এতিয়াও শিকা নাই।

    প্ৰেমৰ ওপৰত দৃষ্টিপাত
কৰিবলৈ মোৰ এটা বিখ্যাত সমীকৰণত সৰল প্ৰতিষ্ঠাপন কৰিছিলো। E=mc2 ৰ পৰিৱৰ্তে যদি আমি
গ্ৰহণ কৰো যে পৃথিৱীৰ আৰোগ্যৰ বাবে প্ৰয়োজনীয় শক্তি উপলব্ধ হয় প্ৰেমৰ লগত পোহৰৰ বেগৰ
বৰ্গৰ গুণিতকৰ পৰা তেনেহ’লে আমি এই সিদ্ধান্তত উপনীত হ’ব পাৰো যে, ইয়াত প্ৰেম অতিশয়
শক্তিশালী বল কাৰণ ইয়াৰ কোনো সীমা নাই।

    বিশ্বজগতৰ অন্য
শক্তিৰ ব্যৱহাৰ আৰু নিয়ন্ত্ৰণৰ ফলত মানৱতাৰ ব্যৰ্থতাত যি বিপৰ্যয়ৰ সৃষ্টি হৈছে তাৰবাবে
আমি নিজকে আন কোনো শক্তিৰে নিজকে পুষ্ট কৰি তোলাতো অতিকৈ জৰুৰী হৈ পৰিছে।

    যদি আমি বিচাৰো
যে আমাৰ জাতিটো বৰ্তি থাকক, যদি আমি আমাৰ জীৱনৰ প্ৰকৃত অৰ্থ জানিব বিচাৰো, যদি আমি
এই পৃথিৱীখন আৰু ইয়াত বাস কৰা প্ৰতিজন সংবেদনশীল বাসিন্দাক ৰক্ষা কৰিবলৈ বিচাৰো তেনেহ’লে
প্ৰেমেই ইয়াৰ একক আৰু একমাত্ৰ সমাধান।

    সম্ভৱত আমি এতিয়াও
প্ৰেম নামৰ শক্তিশালী বোমাটো নিৰ্মাণ কৰিব পৰাকৈ সাজু হোৱা নাই, যি এটা গ্ৰহ ধ্বংস
কৰা সকলো অসূয়া-অপ্ৰীতি, স্বাৰ্থপৰতা, আক্ৰোশ, লিপ্সা আদি মষিমূৰ কৰি পেলাব।

    যি কি নহওক, আমি
প্ৰত্যেকেই নিজৰ মাজত এক সূক্ষ্ম অথচ শক্তিশালী প্ৰেমৰ উৎপাদক কঢ়িয়াই ফুৰো, অপেক্ষা
মাথোঁ এই শক্তিৰ উন্মেষ ঘটোৱাৰ।

    মৰমৰ লেইজাৰ্ল,
যেতিয়াই আমি এই শ্বাস্বত শক্তিক আদান প্ৰদান কৰিবলৈ শিকিম তেতিয়াই নিশ্চিতভাৱে প্ৰেমে
সকলোকে পৰাভূত কৰি সকলো অতিক্ৰম কৰিবলৈ সক্ষম হ’ব, কাৰণ প্ৰেমেই হৈছে জীৱনৰ সাৰাংশ।

    মই গভীৰভাৱে দূ:খিত যে মোৰ হৃদয়ৰ সকলোখিনি প্ৰকাশ কৰাত ব্যৰ্থ হৈছো, যি গোপনে তোমাৰ বাবে গোটেই জীৱন
পীড়া কৰি আহিছে। হয়তো ক্ষমা খোজাৰ সময় উকলি গৈছে; কিন্তু যিহেতু সময় আপেক্ষিক, গতিকে
মই ক’ব বিচাৰো যে মই তোমাক খুবেই ভালপাওঁ আৰু তোমালৈ ধন্যবাদ যে মই মোৰ চূড়ান্ত সমিধানত
উপনীত হ’ব পাৰিছো।

তোমাৰ দেউতা

এলবাৰ্ট আইনষ্টান

Popular Post

ঐতিহাসিক চিঠি