আব্ৰাহাম
লিংকনলৈ এজনী কণমানিৰ চিঠি
লিংকনলৈ এজনী কণমানিৰ চিঠি
ভাষান্তৰঃ
জ্যোতিস্মিতা শইকীয়া, তেজপুৰ মহাবিদ্যালয়

এন. ৱাই, চাটাক্ কোঃ
১৫ অক্টোবৰ, ১৮৬০
সন্মানীয় এ.বি. লিংকন
মহাশয়,
![]() |
| ডাঢ়ি নথকা লিংকন @Wikepedia |
মোৰ দেউতা এইমাত্ৰ মেলাৰ পৰা আহি
ঘৰ সোমাইছেহি। তেওঁ মেলাৰ পৰা ঘৰত সজাই থবলৈ বুলি আপোনাৰ আৰু শ্ৰীমান হেমলিনৰ ছবিও
লৈ আনিছে। মই এজনী এঘাৰ বছৰীয়া অকণমানি ছোৱালী যদিও ভাবো যে এই সময়চোৱাত আপুনিয়েই
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ বাবে আটাইতকৈ বেছি উপযুক্ত। মই আশা কৰিছো যে
আপোনাৰ দৰে এজন অতি ব্যস্ত ব্যক্তিলৈ মোৰ দৰে এজনী কণমানি ছোৱালীয়ে চিঠি লিখাৰ
বাবে যাতে আপুনি মোক মৰসাহসী বুলি নাভাবে! আপোনাৰ বাৰু মোৰ সমবয়সীয়া কন্যা আছে
নেকি, যাক মই মোৰ চেনেহ দিব পাৰো আৰু আপোনাৰ হৈ চিঠিখনৰ প্ৰত্যুত্তৰ দিবলৈ অনুৰোধ
কৰিব পাৰোঁ, যিহেতু আপুনি আপোনাৰ ব্যস্ততাৰ বাবে চিঠিখনৰ উত্তৰ দিব নোৱাৰিবও পাৰে।
মোৰ চাৰিজন ককাইদেউ আছে আৰু তেওঁলোকৰ মাজৰ কেইজনমানে আপোনাক ভোট দিব। যদিহে আপুনি
ডাঢ়ি ৰাখিবলৈ আৰম্ভ কৰে তেন্তে মই আপোনাৰ হৈ বাকীকেইজন ককাইদেউকো মান্তি কৰাব
পাৰিম। যিহেতু আপোনাৰ মুখখন যথেষ্ট খীণ, গতিকে আপুনি ডাঢ়ি ৰাখিলে আপোনাক যথেষ্ট
ভাল লাগিব। এইকনতে কৈ থওঁ যে আমাৰ দেশৰ মহিলাসকলেও যিহেতু দাঢ়ি থকা পুৰুষক পছন্দ
কৰে, গতিকে তেওঁলোকেও নিজৰ-নিজৰ স্বামীসকলক আপোনাক ভোট দিবলৈ মান্তি কৰাব পাৰিব*।
মোৰ দেউতাই আপোনাক নিশ্চয়কৈ ভোট দিব আৰু মই যদি পুৰুষ হ’লোহেঁতেন
তেন্তে ময়ো আপোনাকেই ভোট দিলোহেঁতেন। তথাপিও মই যিমানক পাৰো সকলোকে আপোনাক ভোট
দিবলৈ কম। মোৰ মতে দেউতাই এইমাত্ৰ মেলাৰ পৰা অনা আপোনাৰ ছবিখনৰ চাৰিওকাষে থকা
ঘেৰাটোৰ বাবে ছবিখন বৰ আকৰ্ষণীয় হৈ উঠিছে। মোৰ এজনী ন-মহীয়া কেঁচুৱা ভনী আছে আৰু
তাই অতিশয় দুষ্ট। আপুনি চিঠিখনৰ উত্তৰ এইটো ঠিকনাত পঠিয়াব পাৰিব— গ্ৰেচ বোড্যেল,
ৱেষ্টফিল্ড, চাটাক্, দেশ- নিউয়ৰ্ক।

মই
ইয়াতকৈ বেছি লিখাটো উচিত নহ’ব। চিঠিৰ উত্তৰৰ বাবে বাট চাম।

শুভ বিদায়
গ্ৰেছ ব্ৰেড্যল
লিংকনৰ
প্ৰত্যুত্তৰ
প্ৰত্যুত্তৰ
১৯ অক্টোবৰ, ১৮৬০
স্প্ৰিংফিল্ড, হল্লিনয়াছ
মৰমৰ কণমানিজনী
শ্ৰীমতী গ্ৰেচ ব্ৰেড্যল
![]() |
| ডাঢ়ি ৰাখিবলৈ আৰম্ভ কৰাৰ পাছত ব্ৰেডল্যক লগ কৰিবলৈ যোৱাৰ সময়ৰ স্মৃতিত নিৰ্মাণ কৰা লিংকন আৰু ব্ৰেডল্যৰ অৱক্ষ মূৰ্তি @Wikepedia |
তোমাৰ ১৫ তাৰিখৰ চিঠিখনি পালোঁ।
বৰ দুখেৰে জনাওঁ যে মোৰ কন্যা সন্তান নাই, তিনিজন পুত্ৰহে আছে। এজন সোতৰ বছৰীয়া,
এজন ন বছৰীয়া আৰু আনজন সাত বছৰীয়া। তেওঁলোক আৰু তেওঁলোকৰ মাকক লৈয়ে মোৰ পৰিয়াল।

ক’বলৈ
গ’লে, মই কেতিয়াও ডাঢ়ি ৰাখি পোৱা নাই। এতিয়া হঠাত ৰাখিবলৈ গ’লে মানুহে বাৰু নিৰ্বোধ চখ বুলি ভাবিব নেকি?

তোমাৰ শুভাকাংক্ষী
এ. বি লিংকন
(সম্পাদকীয় টোকাঃ আমেৰিকা
যুক্তৰাষ্ট্ৰৰ ১৬ সংখ্যক ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকন এজন অত্যন্ত সহজ-সৰল আৰু জনপ্ৰিয়
নেতা আছিল। তেওঁৰ জীৱনকালত অনেকখন গুৰুত্বপূৰ্ণ চিঠি-পত্ৰ লিখিছিল। কিন্তু গ্ৰেচ
বেড্যল নামৰ কণমানিজনীয়ে দিয়া এই চিঠিখন আৰু তাৰ প্ৰত্যুত্তৰৰ চিঠিখনে আমেৰিকা
যুক্তৰাষ্ট্ৰৰ Pop cultureত এক সুকীয়া স্থান দখল কৰি আছে।

আমি
লিংকন বুলিলেই ডাঢ়ি ভৰ্তি এজন মানুহৰ ছবি এখন মনত পেলাওঁ। কিন্তু কেতিয়াবা জানিবলৈ
মন নাযায় নে যে লিংকনে কেতিয়াৰ পৰা ডাঢ়ি ৰাখিবলৈ আৰম্ভ কৰিছিল? সেই প্ৰশ্নটোৰ উত্তৰ এই চিঠিকেইখন। কণমানি ব্ৰেড্যলৰ চিঠিখন পোৱাৰ পাছৰে
পৰাই লিংকনে ডাঢ়ি ৰাখিবলৈ আৰম্ভ কৰে আৰু চিঠিৰ প্ৰায় তিনিমাহৰ পাছত তেওঁ
কণমানিগৰাকীক লগ কৰিছিল।)

* তেতিয়া আমেৰিকা
যুক্তৰাষ্ট্ৰত মহিলাক ভোটাধিকাৰ দিয়া হোৱা নাছিল। ৰাষ্ট্ৰীয়ভাৱে ১৯২০ চনতহে
আমেৰিকাৰ মহিলাই ভোটাধিকাৰক এটা আইনী অধিকাৰ হিচাপে লাভ কৰিছিল।