আফগানিস্তানৰ কবি ‘নাদিয়া অঞ্জুমন’ৰ চাৰিটা কবিতা

Posted by : translatorsassam
August 16, 2020

আফগানিস্তানৰ কবি নাদিয়া অঞ্জুমনৰ চাৰিটা কবিতা

মূল: নাদিয়া অঞ্জুমন

অসমীয়া ভাঙনি: ৰুবুল দাস



(১)
মোৰ হৃদয়ৰ ক্ৰন্দন



মোৰ
হৃদয়ৰ ক্ৰন্দন
জিলিকে
কোনোবা তৰাৰ দৰে

আৰু
মোৰ উৰণৰ পখীয়ে
চুৱে
আকাশক



(২)
কোন ডকাইতে



এয়া
কোন ডকাইতে

তোমাৰ সপোনৰ
বিশুদ্ধ
সোনৰ মূৰ্তিটোক

এই
ভীষণ ধুমুহাত
লুটি নিলে ?



(৩)
মই কপাহ নহওঁ



মই কোনো
কপাহৰ
ঠুনুকা গছ নহওঁ
যে যিকোনো বতাহতে
হাউলি পৰিম

মই এগৰাকী
আফগান নাৰী
যাৰ অৰ্থ মাথোঁ
বুজা যায়
চিৎকাৰতহে



(৪)
ৰবাৰপৰা
স্মৃতিবোৰ লৈ আহা

ৰবাৰপৰা
স্মৃতিবোৰ লৈ আহা
স্বচ্ছ পানীৰ

বিস্মৃতিৰ
এই নদীত,
মোৰ আত্মা লুতুৰি-পুতুৰি হৈ পৰি আছে
বালিত ।

 

কবি পৰিচয় : নাদিয়া
অঞ্জুমন এগৰাকী আফগান কবি
। 1980 চনৰ 27 ডিচেম্বৰ তাৰিখে আফাগানিস্তানৰ হেৰাট চহৰত তেওঁ জন্মগ্ৰহণ
কৰে
এই গৰাকী সাহসী আৰু
প্ৰৱল প্ৰতিভাসম্পন্ন কবিৰ খুব কম বয়সতে মৃত্যু হয়
। 2005 চনৰ 4 নৱেম্বৰ তাৰিখে তেওঁ এই পৃথিৱীৰ মায়া এৰি গুচি যায় তেওঁৰ কবিতাবোৰত নাৰীমনৰ মৰ্মবেদনাৰ
সমান্তৰালভাৱে সাহসী কন্ঠস্বৰ এটাৰ অনুৰণন দেখা যায়

.




Popular Post

ঐতিহাসিক চিঠি