অসমীয়া জাতীয় বিকাশ আৰু অনুবাদৰ প্ৰয়োজনীয়তাঃ ‘অনুবাদক’ৰ দুবছৰীয়া বৰ্ণিল যাত্ৰা

Posted by : translatorsassam
August 15, 2022

 

অসমীয়া জাতীয় বিকাশ আৰু অনুবাদৰ প্ৰয়োজনীয়তাঃ অনুবাদকৰ দুবছৰীয়া বৰ্ণিল যাত্ৰা

 

এটা জাতিৰ চিন্তা-চেতনাৰ বিকাশৰ প্ৰক্ৰিয়াটোৰ সৈতে বহুকেইটা কাৰক জড়িত হৈ থাকে। এই কাৰকসমূহৰ ভিতৰত জাতীয় সাহিত্যও অন্যতম। জাতীয় সাহিত্যৰ গতিধাৰাই এটা জাতিৰ চিন্তনৰ পৰ্যায় আৰু জাতিটোৰ ভৱিষ্যতৰ সম্পৰ্কেও আঙুলিয়াই দিয়ে। এইকনতে প্ৰশ্ন হব পাৰে যে সাধাৰণ সাহিত্য আৰু জাতীয় সাহিত্য দুটা পৃথক ধাৰণা নেকি বা জাতীয় সাহিত্যৰ সৈতে ৰাজনৈতিক দৰ্শন বা মতাদৰ্শ জড়িত হৈ থাকে নেকি? এইসমূহ দিশৰ সম্পৰ্কে আলোচনা হোৱাটো খুবেই প্ৰয়োজনীয়।

আফ্ৰিকাৰ নেগ্ৰিচুড আন্দোলন, দলিত আন্দোলন, লেটিন আমেৰিকাৰ আন্দোলন, আমেৰিকীয় নিগ্ৰোসকলৰ আন্দোলনৰ সৈতে সাহিত্যিক আন্দোলন এটাও জড়িত হৈ আছিল। এই সাহিত্যিক আন্দোলনসমূহে মূল আন্দোলনটোক ত্বৰাণ্বিত কৰাৰ লগতে Mass Mobilization বা জন-সংহতিৰ বৃদ্ধি কৰিছিল। গতিকে স্বাভাৱিকভাৱেই জাতীয় সাহিত্যসমূহৰ সৈতে জাতিটোৰ পৰিচয় ৰাজনীতি (Identity Politics) সাঙোৰ খাই থকাটো স্বাভাৱিক কথা। আমি এটা জাতিৰ জাতীয় সাহিত্যৰ ধাৰাসমূহ বুজিবলৈ যাওঁতে জাতিটোৰ জাতীয়তাৰ বিকাশৰ প্ৰক্ৰিয়াটো ভালদৰে বুজি পাব লাগিব। উদাহৰণস্বৰূপে একালৰ নেগ্ৰিচুড আন্দোলনৰ সমকালীন কবি ডেনিচ অচাডিবেইৰ কবিতাৰ সৈতে বৰ্তমানৰ আফ্ৰিকান কবিতাৰ মতাদৰ্শগত পাৰ্থক্য আছে আৰু এই পাৰ্থক্যৰ সৈতে আফ্ৰিকান জাতি নিৰ্মাণ প্ৰক্ৰিয়াৰ মতাদৰ্শগত বিৱৰ্তন জড়িত হৈ আছে।

অসমৰ ক্ষেত্ৰত জাতি নিৰ্মাণ প্ৰক্ৰিয়াটো ইমানেই বহুদিশীয় আৰু বৈচিত্ৰময় যে ইয়াক আমি এটা নিৰ্দিষ্ট মতাদৰ্শৰ মাজত সীমাবদ্ধ কৰি ৰাখিব নোৱাৰোঁ। গতিকে আমাৰ জাতীয় সাহিত্যৰ ধাৰণাটোও অত্যন্ত বহুধাবিভক্ত। হেমচন্দ্ৰ-লক্ষ্মীনাথৰ দিনৰ পৰা আৰম্ভ হৈ বৰ্তমানৰ পৰ্যায়লৈকে বিভিন্নজন চিন্তাশীল লেখকে অসমীয়া জাতীয় পৰিচয়টোক শক্তিশালী কৰিবলৈ লিখি আহিছে। আমি এই সকলো লেখককে সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। ভাষা আন্দোলন, অসম আন্দোলন, আলফাৰ সমস্যা, জনজাতীয় সংঘাত, নদীবান্ধ বিৰোধী আন্দোলন, কা-বিৰোধী আন্দোলন এই সকলোবোৰ জাতীয় সমস্যাৰ সময়তেই অসমীয়া জাতীয় সাহিত্যই বিভিন্ন দিশেৰে আত্মপ্ৰকাশ কৰিছিল। এই বিভিন্ন দিশসমূহৰ মাজত বিতৰ্ক আৰু সংঘাতো হৈছিল আৰু এইসমূহ বিতৰ্ক তথা সংঘাতৰ মাজেৰেই উত্তীৰ্ণ হৈ বৰ্তমানৰ অসমীয়া জাতীয় চিন্তন পৰ্যায়টোৰ সৃষ্টি হৈছে।

অনুবাদৰ বিভিন্ন সাহিত্যিক প্ৰয়োজনীয়তা আছে আৰু থকাটো নিতান্তই মৌলিকভাৱে প্ৰয়োজনীয়। কিন্তু সেই একেটা সময়তে অনুবাদে এটা জাতিৰ জাতীয় সাহিত্য আৰু জাতীয় চিন্তন প্ৰক্ৰিয়াটোলৈও যথেষ্ট অৱদান আগবঢ়ায়। মূলতে অনুবাদে দুটা ভাষাৰ মাজৰ ব্যৱধানটো কমাই দিয়ে আৰু তাৰ সমান্তৰালভাৱে দুটা জাতীয়তাৰ মাজৰ ব্যৱধানটোও কমাই আনে। জাতি, জাতীয়তাৰ দৰে ধাৰণাসমূহত অনুকৰণতা এটা সহজাত বৈশিষ্ট্য। ফঁৰাচী বিপ্লৱ নোহোৱা হলে বোধহয় বলশ্বেভিক বিপ্লৱ নহলহেঁতেন আৰু সেইদৰে বলশ্বেভিক বিপ্লৱ নোহোৱা হলে বোধহয় চীনৰ বিপ্লৱো নহলহেঁতেন! মানৱ চিন্তনৰ এই অনুকৰণপ্ৰিয়তাই অনুবাদক এক সাংঘাতিক মান্যতা প্ৰদান কৰে। উদাহৰণস্বৰূপে নেগ্ৰিচুড সাহিত্যসমূহক অসমীয়ালৈ অনুবাদ কৰিলে অসমীয়া পাঠকে জাতীয় পৰিচয়ৰ দিশটোক নুতন ধৰণেৰে চিন্তা কৰিবলৈ এটা সুযোগ লাভ কৰিব। সেইদৰে যদি আমি দলিত সাহিত্যসমূহৰ অনুবাদ কৰো, আমি নিজৰ সামাজিক গাঁথনিৰ মাজত থকা বৰ্ণবাদক বুজিবলৈ সক্ষম হম বা আত্মসমালোচনাৰ এটা সুযোগ লাভ কৰিম।

গতিকে আমি অনুবাদক প্ৰকল্পৰ সকলো অনুবাদককে অনুৰোধ জনাব খুজিছো যে আপোনালোকে অসমীয়া জাতীয় সাহিত্যক সমৃদ্ধ কৰিব পৰাকৈ অনুবাদ কৰক। অনুবাদ সাহিত্যৰ যোগেদি আমাক মনোৰঞ্জন যিমান প্ৰয়োজনীয়, সিমানেই জাতীয় চিন্তনৰ বিকাশো প্ৰয়োজনীয়। বৰ্তমানৰ যুগটোক প্ৰতিনিধিত্ব কৰিব পৰা সাহিত্যসমূহৰ অনুবাদৰ যোগেদি আমাৰ জাতিটোৱে চিন্তাৰ নতুন-নতুন দিশসমূহ আৱিষ্কাৰ কৰিব। উদাহৰণস্বৰূপে আমি LGBTQA সাহিত্য, দলিত সাহিত্য, লিংগবিৰোধী সাহিত্য, সেউজ সাহিত্য আদিৰ নিৰ্বাচিত পাঠৰ (Text) অনুবাদ কৰিব পাৰোঁ।

এইসমূহ কথা জাতিটোৰ বাবে খুবেই গুৰুত্বপূৰ্ণ।

 

ধন্যবাদেৰে—

নিকু দুৱৰা, কোকিল শইকীয়া

প্ৰশাসক,
অনুবাদক প্ৰকল্প

Popular Post

ঐতিহাসিক চিঠি