অসমীয়া অনূদিত কবিতাঃ পিঠা সনা মাছ

Posted by : translatorsassam
June 5, 2020

অসমীয়া অনূদিত কবিতাঃ পিঠা সনা মাছ

অনুবাদঃ বিজিত লাহন
মূল: Breaded FishA. K. Ramanujan
এ. কে. ৰামানুজন



কেৱল মোৰ বাবে

তেওঁ যতনাইছিল কেইটামান
পিঠা সনা মাছ*;
আনকি জোৰকৈ
মোৰ মুখত গুজি দিছিল
এটা ভোটা মূৰৰ ছালমন!
আৰু মোৰ অৱস্থা দেখি
তেওঁ দুখ পাইছিল–মই বহি
থাকিবও পৰা নাছিলোঁ, মাছটো
গিলা দূৰৈৰ কথা–কেনেকৈনো গিলোঁ?
গৰম হিটাৰৰ ৰঙা কইলৰ দৰে
স্মৃতিয়ে মোৰ চকুৰ মণিত
ফেঁট তুলি নাচিছিল:
লা আধা-নাঙঠ এটা
মৃত নাৰী দেহ
পৰি আছিল সাগৰ তীৰত,
শুকান দেহটোত এচিকুট কাপোৰ;
সাগৰৰ ঢৌৱে ঠেলাঠেলি কৰিছিল দেহটোক–
আৰু গোটেই গা-টো
বালিৰে লেও দিয়া যেন দেখাইছিল–
ঠিক এই পিঠাগুৰি সনা মাছটোৰ দৰে।
মই মাছটো পেলাই
সাগৰৰ পাৰলৈ দৌৰিলোঁ,
মোৰ কলিজাটো ধপধপাই
মুখেৰে ওলাই যাব খুজিছে!
[টোকা: *পিঠা সনা মাছ: এটা পশ্চিমীয়া প্ৰকৰণ, breaded
fish–পিঠাগুৰিৰে মাছটোত লেও দি তৈয়াৰ কৰা হয়।]

অনুবাদকৰ টোকাঃ A. K. Ramanujan এজন
ভাৰতীয় কবি। কেৱল তিনিটি সংকলনেৰে তেখেতে ইংৰাজী ভাষাৰ সম-সাময়িক কবিসকলৰ ভিতৰত
প্ৰভাৱশালী আসন দখল কৰিছে। একোটি দীঘল বাক্যক চুটি চুটি টুকুৰাৰে গাঁঠি ৰাখি কবিয়ে
পাঠকক এক ব্যতিক্ৰমী সোৱাদ দিছে কবিতাসমূহত।। এইটো এটা বহুল-পঠিত আৰু চৰ্চিত
কবিতা।

Popular Post

ঐতিহাসিক চিঠি