অসমীয়া অনুবাদ কবিতাঃ ৰবাৰ্ট ফ্ৰষ্টৰ কবিতা

Posted by : translatorsassam
May 26, 2020

অসমীয়া অনুবাদ কবিতাঃ হিম-পৰা গধূলি হাবিৰ মাজত ৰোৱা

ৰবাৰ্ট ফ্ৰষ্ট

মূলঃ ৰবাৰ্ট ফ্ৰষ্ট
অনুবাদ: অজিৎ বৰুৱা

এই হাবি কাৰ মই বোধকৰোঁ জানো।
তেওঁৰ ঘৰ এই গাঁৱতে যদিও;
তেওঁৰ হাবিখন হিম পৰি ভৰি উঠা
চাম বুলি মই ৰোৱা তেওঁ নেদেখিব।

মোৰ সৰু ঘোঁৰাটোৱে আচহুৱা পাব
কাষত পমুৱা ঘৰ নথকা সত্ত্বেও
হাবি আৰু গোটমৰা পুখুৰীৰ মাজৰ ঠাইতে
বছৰৰ আটাইতকৈ আন্ধাৰ গধূলি বৈ পৰা।

যি তাৰ লেকামৰ ঘণ্টাবিলাকত জোঁকাৰণি তোলে
কিবা ভুল হল নেকি তাকে সুধিবৰ বাবে।
একমাত্ৰ অন্য শব্দ বতাহৰ আৰু
সৰু সৰু নোম যেন হিমৰ অনায়াস দোলনৰ!

হাবিবোৰ ধুনীয়া, আন্ধাৰ আৰু ঘন
কিন্তু মোৰ আছে কথা ৰাখিবলে
আৰু বহুদূৰ যাবলৈ শোৱাৰ আগেয়ে
বহুদূৰ যাবলৈ শোৱাৰ আগেয়ে।

(সম্পাদকীয় টোকাঃ জেংৰাইৰ কবিখ্যাত অজিৎ বৰুৱা অসমীয়া সাহিত্যৰ এজন উজ্জল জ্যোতিষ্ক। অসমীয়া কাব্য সাহিত্যত অজিৎ বৰুৱাৰ এখন নিগাজী সুউচ্চ স্থান আছে। এজন কবি হোৱাৰ সমান্তৰালকৈ অজিৎ বৰুৱা আছিল এজন অত্যন্ত প্ৰতিভাশালী অনুবাদকো। ফঁৰাচী ভাষাৰ পণ্ডিত অজিৎ বৰুৱাৰ সোঁৱৰণত আমি তেওঁৰ এই অনুবাদ কবিতাটো আগবঢ়াইছোঁ।)

Popular Post

ঐতিহাসিক চিঠি