অসমীয়া অনুবাদ কবিতাঃ মোৰ ল’ৰালি কাল/ য়েহুদা আমিচাই

Posted by : translatorsassam
May 26, 2020

অসমীয়া অনুবাদ কবিতাঃ মোৰ লৰালি কাল

মূল কবিঃ য়েহুদা আমিখাই
ইংৰাজী ভাষান্তৰঃ
মাৰ্গালিট বেনায়া
অসমীয়া ভাঙনিঃ অৰূপ কুমাৰ দাস


মোৰ লৰালি কালত
নৈ কিনাৰত দেখিছিলো কঁহুৱা আৰু লংগৰবোৰ,
আৰু মই, তাতেই পৰি আছিলো,
সেইবোৰৰ একো পাৰ্থক্য ধৰিব পৰা নাছিলো,
কাৰণ সেইবোৰ আছিল মোৰ ওপৰত আকাশলৈ মু
কৰি ৷
আইৰ মাতবোৰে মোক মেৰিয়াই ৰাখিছিল
খৰ-খৰীয়া কাগজেৰে মেৰিওৱা এটুকুৰা পাউৰুটিৰ
দৰে
জনা নাছিলো কেতিয়াকৈ ঘূৰি আহিব পিতা,
কাৰণ শূন্য বুলি ভবা সমুখৰ সকলোবোৰ ঠাই
আৱৰি ডাঠ এখন হাবি ৷
এখন হাতেই সকলো বাধা দি ৰাখিছিল,
এটা ষাঁড়ে বেলিটো শিঙত ওলমাই আচাৰি দিছিল,
আৰু ৰাতিবোৰত, ষ্ট্ৰীট লাইটৰ পোহৰে,
দেৱালবোৰৰ সৈতে খুন্দিয়াইছিল মোৰ কোমল
গালকো
,
জোনটো,দয়াৰ পাত্ৰ এটা হৈনামি আহি
পানী খুৱাইছিল পিয়াহতুৰ নিদ্ৰাক ৷
কবি পৰিচিতিঃ যেহুদা আমিখাই এজন ইজৰাইলী কবি ৷ জন্ম জাৰ্মানীত ১৯২৪ চনত ৷
মূলত কবি হিচাপে খ্যাত হ
লেও তেওঁ একেধাৰে এজন
সমাদৃত গল্পকাৰ-ঔপন্যাসিক -নাট্যকাৰো আছিল ৷ শক্তিশালী কবিজনে তেওঁৰ সাহিত্য কৰ্মৰ
বাবে বিভিন্ন বঁটা আৰু সন্মান লাভ কৰাৰ উপৰি ভালে কেইবাৰ সাহিত্যৰ নোবেল বঁটাৰ বাবেও
মনোনীত হৈছিল ৷ ২০০০ চনত এইগৰাকী প্ৰসিদ্ধ সাহিত্যিকৰ মৃত্যু হয় ৷

(অসমীয়া অনুবাদ কবিতা)

Popular Post

ঐতিহাসিক চিঠি