অসমীয়া অনুবাদ কবিতাঃ ফেৰেঙনি

Posted by : translatorsassam
May 23, 2020

অসমীয়া অনুবাদ কবিতাঃ ফেৰেঙনি

মূল ইংৰাজী কবিতাঃ Cross
কবিঃ Langston Hughes

অসমীয়া ভাঙনিঃ মেঘনা চৌধুৰী

মোৰ পিতা আছিল এজন বগা
বুঢ়া

আৰু কলা ছালৰ আছিল মোৰ আই৷
কাহানিবা যদি পিতাক মই
শাও দিছোঁ

সেই শাওবোৰ লৈছোঁ
ঘূৰাই৷
যদি কাহানিবা কলী আইক দিছোঁ শাও
বিচাৰিছোঁ তেওঁ নৰকলৈ যাওক,
সেই পাপী ইচ্ছাৰ বাবে মই দুঃখিত
বিচাৰোঁ তেওঁ যেন স্বৰ্গ পাওক৷
বুঢ়া পিতা মৰা ঘৰটো ধুনীয়া আছিল
আৰু জুপুৰিত মৰিছিল মোৰ আই,
মই কত মৰিম সেই কথা চিন্তা
কৰোঁ

মোৰ গাতচোন কলা-বগা একো ৰং
নাই৷

(অসমীয়া অনুবাদ কবিতা)

Popular Post

ঐতিহাসিক চিঠি