অসমীয়া অনুবাদ কবিতাঃ চিঠিৰ টুকুৰাবোৰ তেওঁ উৰুৱাই দিছিল

Posted by : translator
May 22, 2020

অসমীয়া অনুবাদ কবিতাঃ চিঠিৰ টুকুৰাবোৰ তেওঁ উৰুৱাই
দিছিল

মূল কবিতা (হিন্দী) – খত
কে
পূৰ্জে উৰা ৰহা থা
কবি- গুলজাৰ
অসমীয়া ভাঙনি- সৃষ্টি শ্ৰেয়ম

চিঠিৰ টুকুৰাবোৰ তেওঁ উৰুৱাই
দিছিল

বতাহৰ দিশ তেওঁ দেখুৱাই
দিছিল
অন্য কথাও কিছু আহিছিল
পোহৰলে
নিজৰ লিখাবোৰ (মই) লৈছিলোঁ
মচিবলে
বতাহৰ দিশ তেওঁ দেখুৱাই
দিছিল
চিঠিৰ টুকুৰাবোৰ উৰুৱাই
দিছিল
তেওঁৰেই ধৰ্ম সলনি হৈছে আজি
এদিন যি মোৰ ঈশ্বৰ আছিল
বতাহৰ দিশ তেওঁ দেখুৱাই
দিছিল
চিঠিৰ টুকুৰাবোৰ উৰুৱাই
দিছিল
এদিন এজন অচিন লোকক
কাহিনী তেওঁ মোৰ শুনাই আছিল
বতাহৰ দিশ তেওঁ দেখুৱাই
দিছিল
চিঠিৰ টুকুৰাবোৰ উৰুৱাই
দিছিল
আয়ুস তেওঁ কমাই আনিছিল মোৰ
আৰু বয়স মোৰ বাঢ়ি গৈ আছিল
বতাহৰ দিশ তেওঁ দেখুৱাই
দিছিল
চিঠিৰ টুকুৰাবোৰ উৰুৱাই
দিছিল

Popular Post

ঐতিহাসিক চিঠি