অসমীয়া অনুবাদত নিকানোৰ পাৰৰাৰ কবিতাঃ মই যি ক’লো সকলো উঠাই ল’ব খোজোঁ

Posted by : translator
May 21, 2020

অসমীয়া অনুবাদ কবিতাঃ মই যি ক’লো
সকলো উঠাই ল’ব খোজোঁ


মূল কবিঃ
নিকানোৰ পাৰৰা
ইংৰাজী অনুবাদঃ
মিলা উইলিয়ামছ
অসমীয়া ভাঙনিঃ কোকিল
শইকীয়া
গুচি যোৱাৰ
আগেয়ে
মোৰ এটা ঈচ্ছাপূৰণৰ
বাসনা আছে
প্ৰিয়, পাঠক,
মোৰ কিতাপবোৰ
জ্বলাই দিয়ক
মই যি লিখিব
খুজিছিলোঁ
, ইয়াত
সেইবোৰ মুঠেও নাই
যদিও এইবোৰ
তেজেৰেই লিখিছিলোঁ
কিন্তু মই যি
লিখিব খুজিছিলোঁ
সেইবোৰ এয়া নহয়
মোতকৈ আৰু কোনে
বেছিকৈ বহন কৰিব পাৰিব পাৰে বিষাদ
মই মোৰ ছায়াৰ
পৰা ছিন্নমূল হৈ পৰিছোঁ
মোৰ শব্দবোৰে
মোৰ ওপৰত প্ৰতিশোধ লৈছে
ক্ষমা কৰিব
প্ৰিয় পাঠক
যদিও মই আপোনাক
বিদায় জনাৱাতো কষ্টকৰ হ’ব
তথাপি
এটা উষ্ণ
আলিংগনেৰে
আপোনাক এটা
শেঁতা পৰা বিষণ্ন হাঁহিৰে বিদায় জনাম
হয়তো এই
সকলোবোৰ কবিতা ময়েই
কিন্তু শেষত
এটা কথা কৈ যাওঁ শুনক-
মই সেই সকলোবোৰ
কথা উঠাই ল’ব খোজোঁ
য’ত মই এখন
বিষণ্ন পৃথিৱীৰ কথা কৈছিলোঁ
প্ৰিয় পাঠক, মই যি ক’লোঁ সকলোবোৰ উঠাই ল’ব খোজো
(সম্পাদকৰ
টোকাঃ নিকানোৰ পাৰৰা – নেৰুদাৰ পিছত চিলিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কবিসকলৰ এজন হৈছে
নিকানোৰ পাৰৰা । তেওঁ এগৰাকী গণিতজ্ঞ আৰু পদাৰ্থ বিজ্ঞানী হিচাপেও খ্যাতি লাভ
কৰিছিল । উৎকৃষ্ট কাব্যৰ স্বাদ আৰু বৈভৱ ভংগ কৰা বুলি ভাবি তেওঁ নিজকে প্ৰতিকবি (
Anti-poet) বুলি কৈছিল। পিছত তেওঁ কৈ থৈ গ’ল
 
Me retracto de todo lo
dicho” (“I take back everything I said”).  ১৯১৪ চনত জন্ম হোৱা পাৰৰাই ২০১৮
চনত ১০৩ বছৰীয়া জীৱন ত্যাগ কৰে ।)

(অসমীয়া অনুবাদ কবিতা)

Popular Post

ঐতিহাসিক চিঠি