অসমীয়া অনুবাদত উমাবাৰ্টো আকাবালৰ কবিতা

Posted by : translatorsassam
June 10, 2021

অসমীয়া অনুবাদত উমাবাৰ্টো আকাবালৰ কবিতা

অনুবাদঃ অনন্ত ৰাজখোৱা

 

১) দুটোপাল চকুপানী 

 

যেতিয়া মোৰ জন্ম হৈছিল

তেওঁলোকে আঁকি দিছিল মোৰ দুচকুত

দুটোপাল চকুপানী

 

যাতে ম‌ই দেখা পাওঁ

মোৰ মানুহৰ দুখৰ পৰিমাণ।


 

২) স্বাধীনতা 

  

কপৌ, ফেচাঁ আৰু শেন আদি চৰাই,

ৰাজপ্ৰসাদ আৰু গীৰ্জাবোৰৰ ওপৰত পৰে।

যেনেদৰে সিহঁত পৰে জেওৰা, শিল অথবা গছৰ ডালত

 

আৰু সিহঁতে তাতেই বিষ্ঠা ত্যাগ কৰে,

এক বিৰল স্বাধীনতাৰে

যি বুজি পায়-

ন্যায় আৰু ভক্তি

নিজ চেতনাৰ আৱাসী


 

৩) ফুল 

 

শিপাই

ফুলবোৰৰ মাজেদি আমাক কয়

মাটিৰ ভিতৰৰ কথা

 

আৰু ফুলবোৰ মৰহি যায়

মৃত্যু হয় সিহঁতৰ

কিয়নো ইয়াত জীৱন

বিষ্ঠাৰ লাদ


৪) মোৰ ককাদেউতা 

 

ককাদেউতাৰ খোজবোৰ শেষ হ

বহুদূৰ বাটকুৰি বালে তেওঁ

 

এতিয়া

তেওঁৰ খোজৰ তলৰ মাটিবোৰ

অকণ অকণকৈ আগবাঢ়ে

 

যাতে তেওঁ কাষ চাপি যাব পাৰে

সূৰ্যৰ দাঁতিলৈ


 

৫) পাহৰণি 

 

পাহৰণি গছৰ পাতৰ দৰে

 

কিছুমান সৰে

কিছুমান গজে

 

গছজোপা গছ হৈ নাথাকিলে

পাতবোৰো হৈ নাথাকে পাত

 

মায়া কিচ্ছে” জনগোষ্ঠীৰ কবি উমবাৰ্টো
আকাবালৰ জন্ম হৈছিল ১৯৫২ চনত আমেৰিকা মহাদেশৰ গুৱেটামালাত।আকাবালৰ মাতৃভাষা আছিল কিচ্ছে
কিন্তু আকাবালে কাব্যজীৱন আৰম্ভ কৰাৰ পাছতো বহুবছৰলৈ এই ভাষাত লিখিব নাজানিছিল। কিচ্ছে
মায়ান ভাষাগোষ্ঠীৰ এটি অতি প্ৰাচীন ভাষা।থলুৱা ইণ্ডিয়ান সকলৰ কেইবাটাও জনগোষ্ঠীয়ে এই
ভাষা ব্যৱহাৰ কৰিছিল।আশীৰ দশকৰ পিছত তেওঁ কিচ্ছে ভাষাৰ লিখন আয়ত্ব কৰে আৰু মাতৃভাষাত
কাব্যচৰ্চা কৰিবলৈ লয়।ক্ৰমশ: তেওঁৰ কবিতাসমূহ স্পেনিছ ভাষালৈ অনদূতি হ
বলৈ ধৰে আৰু স্পেনিছ কথিত দেশসমূহত সেইবোৰ কবিতাই প্ৰচুৰ সমাদৰ
লাভ কৰে।পাছলৈ কবিতাসমূহ ইংৰাজী আৰু আন ইউৰোপিয় ভাষালৈও অনূদিত হয়।

বিশ্ব সাহিত্যৰ খ্যাতনামা কাব্য সমালোচক
সকলে একেমূখে স্বীকাৰ কৰিছে যে আকাবালৰ কবিতাসমূহ মায়ান সকলৰ থলুৱা পৰম্পৰা
, চিন্তাধাৰা আৰু সংস্কৃতিৰ উল্লেখযোগ্য দলিল।

এইগৰাকী প্ৰখ্যাত কবিৰ মৃত্যু হয় ২০১৯
চনত। অনূদিত কবিতাসমূহ লেটিন আমেৰিকাৰ বিভিন্ন কাব্যালোচনীৰ পৰা সংগ্ৰহিত।

Popular Post

ঐতিহাসিক চিঠি