অনুবাদ কলা আৰু ভূপেন হাজৰিকাৰ দুটি গীতৰ বাংলা অনুবাদ

Posted by : translatorsassam
May 29, 2020

অনুবাদ কলা আৰু ভূপেন হাজৰিকাৰ দুটি গীতৰ
বাংলা অনুবাদ

খগেশ সেন ডেকা


অনুবাদ এক অতিশয় জটিল সাহিত্য-কলা৷ সেয়া কবিতা, গল্প,
উপন্যাসেই হওক, কিংবা
তত্ত্বগধুৰ লেখাই হওক৷ এটা ভাষাৰ শব্দমালা আন এটা ভাষালৈ কিবা প্ৰকাৰে ৰূপান্তৰিত
কৰিব পাৰিলেও জতুৱা প্ৰয়োগবোৰৰ (
Idioms) সঠিক অনুবাদ বৰ দুৰূহ
কাম৷ অনুবাদ কৰ্ম বিবিধ প্ৰকাৰৰ হ
ব পাৰেআক্ষৰিক অনুবাদ, ছায়ানুবাদ, ভাবানুবাদ ইত্যাদি৷ সাহিত্যৰ ক্ষেত্ৰখনত বোধহয় ভাবানুবাদকে শ্ৰেষ্ঠ বুলি গণ্য
কৰা হৈ আহিছে৷


     বহুদিন আগৰ কথা৷ ঘটনাটো সম্ভৱতঃ নব্বৈৰ দশকৰ৷
সেই সময়ত ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক আছিল মহঃ আজহাৰউদ্দিন৷ অষ্ট্ৰেলিয়াৰ চিডনী নে
পাৰ্থত অনুষ্ঠিত টেষ্ট খেলখনত ভাৰত হাৰি থাকিল৷ আমাৰ ইংৰাজী কাকতবোৰত এটা বাতৰি
ওলাল
ভাৰতীয় দলটোৰ অধিনায়ক আজহাৰউদ্দিনক Scapegoat কৰা বুলি৷ গুৱাহাটীৰ পৰা প্ৰকাশিত এখন জনপ্ৰিয় অসমীয়া দৈনিক বাতৰি কাকতে সেই
বাতৰিটো প্ৰকাশ কৰিলে এনে ধৰণে : “আজহাৰউদ্দিনক থাওকতে পলৰীয়া ছাগলী আখ্যা
দিলে৷” ইংৰাজী
‘Scapegoat’-ৰ অসমীয়া পলৰীয়া ছাগলীকৰা দেখি ইংৰাজী সাহিত্যৰ মোৰ এগৰাকী বন্ধুৱে
সেই সময়ত এনেদৰে মন্তব্য দিয়া মনত আছে
, অসমীয়া লুইতেহে জানে বঠা কিমানলৈ বহে‘-ৰ ইংৰাজী অনুবাদ তেনেহলে ‘Luit knows how far row goes’ কৰা হওক, ‘কাণকটাহওক—’Ear
cutter’, ‘
হাত দীঘলহওক ‘Long hands’ ইত্যাদি ইত্যাদি৷ বন্ধুৰ কথাষাৰে ওপৰত উনুকিয়াই অহা জতুৱা প্ৰয়োগবোৰৰ অনুবাদৰ
কাঠিন্যকে স্পষ্ট কৰে নিশ্চয়৷
     অকল যে জতুৱা ঠাঁচ, খণ্ডবাক্য, প্ৰৱাদ-প্ৰবচন আদিৰ অনুবাদতে জটিলতা থাকে
তেনে নহয়
,
বহু সময়ত শব্দ-চয়নক লৈয়ো অনুবাদক বিপাঙত পৰা দেখা যায়৷ এটা
ভাষাত একোটা বিষয় বুজাবলৈ বিভিন্ন শব্দ থাকিব পাৰে৷ আনহাতে
, অন্য এটা ভাষাত সেই শব্দ সীমিত হোৱা অসম্ভৱ নহয়৷ অসমীয়াত বোৱতী পানী বুজাবলৈ
সুঁতি
,
জান, জুৰি, নিজৰা, নদ,
নদী, উপনদী, নৈ, উপনৈ আদি কেইবাটাও শব্দ আছে৷ ইংৰাজীত কিন্তু মই জনাত River, Rivulet,
Stream
আদি সীমিত শব্দেৰে এই সকলোবোৰ সামৰি লোৱা হয়৷
আকৌ
Stream-ৰ অৰ্থ, প্ৰসংগ আৰু প্ৰয়োগভেদে ভিন ভিন হবও পাৰে; যেনে—Arts stream, Science stream, Commerce
stream
ইত্যাদি৷ অৱশ্যে বিশাল শব্দ-ভাণ্ডাৰেৰে
পৰিপুষ্ট ইংৰাজী ভাষাত তেনে শব্দ অধিক থকাটো অসম্ভৱ নহয়৷ এইখিনিতে সংস্কৃত
ধৰ্ম
শব্দৰ অৰ্থৰ ব্যাপকতাৰ কথা বিচাৰ কৰি চোৱাটো প্ৰাসংগিক হব৷ ভাৰতীয় পৰম্পৰাত ধৰ্মশব্দটোৰ প্ৰধানভাৱে
প্ৰচলিত অৰ্থ হ
ল ঈশ্বৰ-বিশ্বাস, যাগ-যজ্ঞ, দেৱ-দেৱীৰ পূজা-পাতল আদি৷ বৈদিক যুগত ইয়াৰ
অৰ্থ আছিল বেদোক্ত বিভিন্ন ক্ৰিয়া-কৰ্ম আৰু সিবোৰৰ ফলদায়ী শক্তি৷ আন কথাত
, যি অপৰিহাৰ্য নীতি-নিয়ম পালন কৰিলে ঈশ্বৰ প্ৰাপ্তি সম্ভৱ হয়, সেয়ে ধৰ্ম৷ পৰৱৰ্তী সময়ত শব্দটোৰ অৰ্থান্তৰ ঘটে আৰু ই ব্যাপক অৰ্থলৈ বিস্তাৰিত
হয়৷ এতিয়া ধৰ্মই পূজা-সেৱা
, যাগ-যজ্ঞৰ উপৰি একোটাহঁত নিৰ্দিষ্ট মতবাদ, পদাৰ্থৰ স্বভাৱ, গুণ ইত্যাদি বুজায়৷ উদাহৰণ স্বৰূপে পানী আদি
জুলীয়া পদাৰ্থৰ ধৰ্ম (স্বভাৱ) হ
ই ওখৰ পৰা চাপৰলৈ বয়৷ অথবা ইয়াক তিনিটা অৱস্থাত পাব পাৰিগোটা,
জুলীয়া আৰু গেচীয়৷ সেয়া তাৰ ধৰ্ম বা গুণ৷ নিৰীশ্বৰবাদী
বৌদ্ধ মতবাদৰ সৈতে দেৱ-দেৱীৰ পূজা-পাতল বা ঈশ্বৰ-সেৱা আদিৰ কোনো সম্পৰ্ক নাই৷
তথাপি এই দৰ্শন-তত্ত্বক ধৰ্ম শব্দৰ দ্বাৰা সামৰি বৌদ্ধধৰ্ম আখ্যা দিয়া হৈছে৷ এইবোৰ
কথাই প্ৰমাণ কৰে যে ধৰ্ম শব্দটোৱৰ অৰ্থান্তৰ ঘটিছে আৰু সম্প্ৰতি ই বিভিন্ন মতবাদকো
সামৰি লৈছে৷ অধুনা কালৰ সংস্কৃত ধৰ্ম শব্দৰ অৰ্থৰ এনে ব্যাপকতা কিন্তু তাৰ ইংৰাজী
প্ৰতিশব্দ
Religion বা Virtue-ত পাবলৈ নাই৷ শব্দাৰ্থৰ এনে বিস্তৃতিৰ বিপৰীতে কেতিয়াবা আকৌ শব্দ একোটাৰ অৰ্থ
সংকুচিত হোৱাও দেখা যায়৷ সংস্কৃতৰ
মহাজনআৰু ধুৰন্ধৰশব্দ দুটাৰ অসমীয়াত হোৱা অৰ্থ-সংকোচনে তাৰ
প্ৰমাণ দাঙি ধৰে৷ সংস্কৃতত মহাজন শব্দৰ অৰ্থ আছিল
মহৎ যি জন‘, অৰ্থাৎ মহান লোক‘ (‘মহাজনো য গতা স পন্থা‘—মহাভাৰত)৷ অসমীয়াত কিন্তু মহাজনৰ অৰ্থ বেপাৰী, চহকী লোক আদি৷ আনহাতে সংস্কৃত ধুৰন্ধৰশব্দই পাৰ্গত, বিজ্ঞলোক আদি বুজাইছিল৷ হেমকোষঅভিধানৰ প্ৰথম সংস্কৰণত তেনে অৰ্থই দিয়া
হৈছিল৷ এতিয়া কিন্তু ধুৰন্ধৰ মানে দুষ্ট
, দগাবাজ, প্ৰৱঞ্চক ইত্যাদি৷ অনুবাদৰ ক্ষেত্ৰত নিঃসন্দেহে শব্দাৰ্থৰ এইবোৰ দিশো
প্ৰাসংগিক হৈ পৰে৷
    ওপৰত ভাষাৰ জতুৱা ৰূপ তথা শব্দৰ অনুবাদৰ কাঠিন্য
সম্বন্ধে যিখিনি কথা কোৱা হ
, তাৰ বিপৰীতে কোনো কোনোৱে সিবোৰৰ সাৰ্থক অনুবাদো কৰা দেখা যায়৷ নকলেও চলে, অনুবাদৰ ক্ষেত্ৰত অনুবাদকজনাৰ উৎস ভাষা (Source language = ৰ পৰা অনুবাদ কৰা হয়) আৰু লক্ষ্য ভাষা (Target language = যি ভাষালৈ অনূদিত হয়) সম্বন্ধে পৰ্যাপ্ত জ্ঞান থকা নিতান্ত আৱশ্যক৷ তেনে জ্ঞান
অবিহনে সাৰ্থক অনুবাদ একোপধ্যেও সম্ভৱ নহয়৷ ইংৰাজী
‘Half a loaf is better than no
loaf’-
ৰ অসমীয়া অনুবাদ (?) ‘নাই মোমাইতকৈ কণা মোমায়ে সাৰএই ক্ষেত্ৰত এক
প্ৰকৃষ্ট উদাহৰণ৷
    অনুবাদ কলা সম্বন্ধে এইখিনি পাতনি মেলাৰ ঘাই উদ্দেশ্য
ল ভূপেন হাজৰিকাৰ গীতি সাহিত্যৰ বাংলা অনুবাদ সম্বন্ধে কিছু নিজস্ব ধাৰণা
ব্যক্ত কৰা৷ এই ক্ষেত্ৰত মতৰ অমিল ঘটা নিতান্ত স্বাভাৱিক৷ তদুপৰি
, এনে আলোচনাত কেতবোৰ জটিলতাও থাকে৷ বিজ্ঞসকলে নতুন চিন্তাৰে এই দিশত আলোকপাত
কৰিলে অসমৰ এইগৰাকী প্ৰবাদ-প্ৰতীম গীতিকাৰ
, সংগীত জগতৰ
বিশাল মহীৰূহৰ প্ৰতি যথাৰ্থ সন্মান প্ৰদৰ্শন কৰা হ
ব বুলি ধাৰণা কৰিব পাৰি৷ অসমীয়া ভাষাৰ বিভিন্ন গীত কঠোৰ পৰিশ্ৰমেৰে সংস্কৃত
ভাষালৈ অনুবাদ কৰি
, গুৰু-গম্ভীৰ কণ্ঠেৰে কণ্ঠদান কৰি জনপ্ৰিয়
হোৱা প্ৰতিভাধৰ শিল্পী শ্ৰীযুত ৰঞ্জন বেজবৰুৱাই ভূপেন হাজৰিকাক যথাৰ্থভাৱেই
“ইণ্টেলেকশ্বুৱেল শিল্পী” আখ্যা দিছে৷ সেই দিশবোৰৰ কথা পাছলৈ এৰি ইয়াত
ভূপেন হাজৰিকাৰ গীতবোৰৰ বাংলালৈ হোৱা অনুবাদৰ দিশ কেতবোৰ দাঙি ধৰাৰ প্ৰয়াস কৰা হ
ব৷ পৰিসৰ যিহেতু সীমিত, সেই হেতুকে ইয়াত মাত্ৰ দুটা গীতৰ অনুবাদৰ
বিষয়েহে আলোচনা দাঙি ধৰাৰ প্ৰয়াস কৰা হ
ব৷ অৱশ্যে
ভূপেন হাজৰিকাৰ গীতৰ যি কোনো আলোচনাত অন্যান্য গীতৰ কথাও প্ৰাসংগিকভাৱে উল্লেখ
হোৱাটো নিতান্তই স্বাভাৱিক কথা৷ এই লেখাটোত অৱশ্যে অন্য গীতৰ প্ৰসংগ পৰিহাৰ কৰি
মাত্ৰ দুটি নিৰ্বাচিত গীতৰ মাজত আলোচনা সীমাবদ্ধ ৰখাৰ যৎ পৰোনাস্তি চেষ্টা কৰা হ
ব৷ গীত দুটিৰ শিৰোনাম হল গণশিল্পীগৰাকীৰ অমৰ
সৃষ্টি “দোলা হে দোলা” আৰু “ফুট গধূলিতে কপিলী সুঁতিত” ৃ৷
    ভূপেন হাজৰিকাৰ সৰহভাগ গীত বাংলালৈ
ভাষান্তৰিত কৰা অনুবাদকজন হ
ল শিৱদাস
বন্দ্যোপাধ্যায়৷ আন প্ৰকাৰে ক
বলৈ গলে,
ভূপেন হাজৰিকাৰ গীতৰ অনুবাদৰ জৰিয়তেই এইগৰাকী গীতিকাৰে বাংলা
গীতি সাহিত্যৰ জগতত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সমৰ্থ হৈছে৷ ব্যক্তি বিশেষৰ সকলো
সৃষ্টিয়েই সমানে সফলতা লাভ কৰিব
, তেনে কোনো ধৰা-বন্ধা
কথা নাই৷ ভূপেন হাজৰিকাৰ গীতৰ বন্দ্যোপাধ্যায়ে কৰা প্ৰতিটো অনুবাদেই যে সম্পূৰ্ণ
সফল হৈছে সেই কথা ন দি ক
ব নোৱাৰি৷ সেয়ে হলেও,
এনে কিছু গীত আছে যিবোৰ অসমীয়াতকৈ বাংলাতহে অধিক অৰ্থবহ
তথা শুনিবলৈ শুৱলা হোৱা যেন ধাৰণা হয়৷ সি যি কি নহওক
, হাজৰিকাদেৱৰ আলোচ্য “দোলা হে দোলা” শীৰ্ষক অসমীয়া গীতটোৰ পূৰ্ণপাঠ
এনে ধৰণৰ :

দোলা হে দোলা হে দোলা,

এঁকা-বেঁকা বাটেৰে কঢ়িয়াওঁ কঢ়িয়াওঁ

বৰ বৰ মানুহৰ দোলা,

আপোন কৰিলোঁ বনুৱাৰ জীৱনক

দেহা ভাগৰাই তোলা৷

এ হেইয়া না হেইয়া না হেইয়া না হেইয়া৷

দোলাৰ ভিতৰত তিৰবিৰ কৰিছে

চহকী পাটৰে পাগ,

ঘনে ঘনে দেখিছোঁ লৰচৰ কৰিছে

শুকুলা চোঁৱৰৰ আগ,

মোৰহে লৰাটিক এইবাৰ বিহুতে

নিদিলোঁ সূতাৰে চোলা,

চকুলো ওলালেও মনটি নেভাঙো

কঢ়িয়াই লৈ যাওঁ দোলা৷

যুগে যুগে জাপি দিয়া মেটমৰা বোজাটি

কান্ধ ভাঙো ভাঙো কৰে, হে কৰে,

বৰ বৰ মানুহে দোলাত টোপনিয়ায়

আমাৰহে ঘামবোৰ সৰে হে সৰে৷

ওখকৈ পাহাৰৰ টিংটিত উঠিছোঁ

ভালকৈ খোজটি মিলা,

আমাৰ কান্ধৰ পৰা পিছলিব লাগিলে

বাগৰি পৰিব দোলা,

ৰজা মহাৰজাৰ দোলা

বৰ বৰ মানুহৰ দোলা৷

এই গীতটিৰ শিবদাস বন্দ্যোপাধ্যায়ে বাংলা
ভাষালৈ এনেদৰে অনুবাদ কৰিছে :

দোলা হে দোলা হে দোলা

আঁকা বাঁকা পথে মোৰা কাঁধে নিয়ে চুটে যায়

ৰাজা মাহাৰাজাদেৰ দোলা,

আমাদেৰ জীৱনেৰ ঘামে ভেজা শৰীৰেৰ

বিনিময়ে পথ ছানি তোলা৷

হে হেইয়া না হেইয়া না হেইয়া না হেইয়া৷

দোলাৰ ভিতৰে ঝলমল কৰে যে

সুন্দৰ পোশাকেৰ সাজ

আৰ ফিৰে ফিৰে দেখি তায়

ঝিকিমিকি কৰে যে

মাথায় ৰেশমেৰ কাজ

হায় মোৰ ছেলেটি উলংগ শৰীৰে

একটু জামা নেই পড়া

দুচোখেৰ জল এলে মনটাকে বেঁধে যে

তবুও বৈ যায় দোলা৷

যুগে যুগে চুটে মোৰা কাঁধে নিয়ে দোলাটি

দেহ ভেঙে ভেঙে পৰে

ঘুমে চোখ ধুলু ধুলু ৰাজা মাহাৰাজাদেৰ

আমাদেৰ ঘাম ঝৰে পৰে৷

উচুৱৈ পাহাৰে ধীৰে ধীৰে উঠে যায়

ভাল কৰে পায়ে পা মিলা

হঠাৎ কাঁধেৰ থেকে পিছলিয়ে যদি পৰে

আৰ দোলা যাবেনাতো তোলা

ৰাজা মাহাৰাজাৰ দোলা

বৰ বৰ মানুষেৰ দোলা৷

১৯৫৩ চনত ৰচিত ভূপেন হাজৰিকাৰ এই গীতটিক
তেওঁৰ জীৱনৰ অন্যতম শ্ৰেষ্ঠ ৰচনা বুলিব পাৰি৷ অতীতত চহকী মানুহক কঢ়িয়াই লৈ ফুৰা
দোলাভাৰীসকলৰ জীৱনৰ মৰ্মন্তুদ ছবি গীতটিৰ মাজেৰে বিধৃত হৈছে৷ আন প্ৰকাৰে মহাজনী
অৰ্থনীতিয়ে কোঙা কৰা দোলাভাৰীসকলক সমস্ত শ্ৰমজীৱী জনগণৰ প্ৰতীক বুলিব পাৰি৷ গীতটিৰ
অন্তিম স্তৱকত বলিষ্ঠ প্ৰতিবাদী কণ্ঠ নিহিত হৈ আছে৷
    আমাৰ আলোচ্য বিষয় যিহেতু ভূপেন হাজৰিকাৰ মূল
গীতটোৰ বাংলা অনুবাদহে
, এতেকে দুয়োটা গীতৰ ভাব, ভাষা,
শব্দ-চয়ন আৰু প্ৰকাশ-ভংগীৰ এক তুলনামূলক বিচাৰ কৰি চোৱা
উচিত হ
ব৷ অসমীয়া গীতটোৰ অন্তৰ্নিহিত ভাব যে কোনো ক্ষতি-খুন নোহোৱাকৈ বাংলা গীতটিয়ে
ধৰি ৰাখিব পাৰিছে
, তাত সন্দেহৰ অৱকাশ নাই৷ সেয়ে হলেও,
শব্দ-চয়ন আৰু প্ৰকাশ-ভংগীৰ কিছু কিছু পাৰ্থক্য সততে চকুত
পৰে৷ অসমীয়া গীতটোৰ “কঢ়িয়াওঁ কঢ়িয়াওঁ” শব্দগুচ্ছ বাংলাত “কাঁধে
নিয়ে চুটে যায়” কৰা হৈছে৷ এই ক্ষেত্ৰত বাংলা শব্দকেইটা অধিক প্ৰকাশক্ষম যেন
ধাৰণা হয়৷ একেখিনি কথা “আপোন কৰিলোঁ বনুৱাৰ জীৱনক/দেহা ভাগৰাই তোলা”-তকৈ
“আমাদেৰ জীৱনেৰ ঘামে ভেজা শৰীৰেৰ/বিনিময়ে পথ ছানি তোলা” যেন অধিক
হৃদয়স্পৰ্শী৷ অৱশ্যে বাংলা “সুন্দৰ পোশাকেৰ সাজ”-এ যে অসমীয়া গীতটিৰ
“চহকী পাটৰে পাগ”-ৰ মৰ্মাৰ্থ সমূলি ধৰি ৰাখিব পৰা নাই৷ চহকী লোকে পিন্ধা
পাট কাপোৰৰ পাগুৰী “ৰেশমেৰ কাজ”-ত পোৱা নাযায়৷ অৱশ্যে বাংলাত অসমীয়াৰ
পাট কাপোৰ বুজাবলৈ শব্দৰ অভাৱ৷ গতিকে সেই সমাজৰ লগত মিলাকৈ “ৰেশমেৰ কাজ”
শব্দগুচ্ছ প্ৰয়োগ কৰা হৈছে৷ বিহুত নতুন কাপোৰ দিয়াটো অসমীয়া সংস্কৃতিৰ অংগ৷
শ্ৰমজীৱীজন নিজৰ ল
ৰাটোক বিহুত সাধাৰণ সূতাৰ কাপোৰ এসাজ দিবলৈকো
অসমৰ্থ৷ বাংলাত বিহু নাই৷ তথাপি নিজৰ ল
ৰাটিক
পিন্ধিবলৈ এসাজ কাপোৰো দিব নোৱৰা দোলাভাৰীৰ দুখৰ ছবি অনুবাদকে ভিন্ন ধৰণে হ
লেও অংকন কৰিবলৈ সমৰ্থ হৈছে৷ “চকুলো ওলালেও মনটি” নাভাঙি
শ্ৰমজীৱীসকল নিজৰ কৰ্ম কৰি যাবলৈ বাধ্য৷ বাংলা অনুবাদকেও তাৰ মৰ্মাৰ্থ সুন্দৰকৈ
ধৰি ৰাখিছে
—”দুচোখেৰ জল এলে মনটাকে বেঁধে যে/
তবুও বৈ যায় দোলা” বুলি৷
    পৰৱৰ্তী স্তৱকটোত যুগ যুগ ধৰি চলি অহা শোষণৰ
মেটমৰা বোজাৰ এখন মৰ্মস্পৰ্শী ছবি অংকিত হৈছে৷ “বৰ বৰ মানুহে দোলাত টোপনিয়ায়
আমাৰহে ঘামবোৰ সৰে” কথাখিনি তাৰেই বাৰ্তাবাহক৷ এই ক্ষেত্ৰত অসমীয়া
“টোপনিয়ায়”-ৰ পৰিৱৰ্তে বাংলা “ঘুমে চোখ ধুলু ধুলু” অধিক মজবুত
, অধিক হৃদয়গ্ৰাহী৷
    আগতেই কৈছোঁ, গীতটিৰ অন্তিম স্তৱকটোৰ মাজেৰে শোষণ-বঞ্চনাৰ বিৰুদ্ধে এক সৰৱ প্ৰতিবাদ ধ্বনিত
হৈছে৷ এই প্ৰতিবাদ শোষণৰ স্বৰূপ পাহাৰ বগোৱাৰ অনুষংগৰ জৰিয়তে অনা হৈছে৷ “ওখকৈ
পাহাৰৰ টিংটিত উঠিছোঁ”
, অৰ্থাৎ শোষণ-বঞ্চনাই
শেষ সীমা পাইছেহি
৷ গতিকে “ভালকৈ খোজটি মিলা”, মানে সকলোটি একত্ৰিত হ৷ “আমাৰ কান্ধৰ পৰা পিছলিব লাগিলে” “ৰজা
মহাৰজাৰ দোলা” “বাগৰি পৰিব”৷ বাংলাত “টিং” (পাহাৰৰ সবাতো
ওখ চূড়া) শব্দটো নাই৷ গতিকে “উচুৱৈ পাহাৰে ধীৰে ধীৰে উঠে যায়/ভাল কৰে পায়ে
পা মিলা” বাক্যটিৰে তাৰ ভাব প্ৰকাশ কৰা হৈছে৷ অৱশ্যে “হঠাৎ কাঁধেৰ থেকে/
পিছলিয়ে যদি পৰে” বাক্যখণ্ডই অসমীয়া গীতটোত অন্তৰ্নিহিত হৈ থকা যথাৰ্থ
প্ৰতিবাদৰ ভাষা যেন ধৰি ৰাখিবলৈ সমৰ্থ নহ
ল৷ কাৰণ শোষণৰ
বিৰুদ্ধে ক্ষোভ পুঞ্জীভূত হ
লেও, তাৰ প্ৰকাশ আৰু প্ৰতিবাদ “হঠাৎ” হলে সি দিগদৰ্শনত নিৰ্ণায়ক হোৱাৰ সম্ভাৱনা কম৷ এই ক্ষেত্ৰত অসমীয়া গীতটো অধিক
ব্যঞ্জনাধৰ্মী৷ সেই ব্যঞ্জনা “আমাৰ কান্ধৰ পৰা পিছলিব লাগিলে/বাগৰি পৰিব
দোলা”-ৰ মাজেৰে বিধৃত হৈছে৷
    গীতটোৰ অসমীয়া আৰু বাংলা দুয়োটা ৰূপৰ
তুলনামূলক বিশ্লেষণৰ অন্তত এনে ধাৰণা হয় যে কেতবোৰ দিশৰ সীমাবদ্ধতা সত্ত্বেও বাংলা
ৰূপটো যেন অসমীয়া ৰূপটোকৈ অধিক মনোগ্ৰাহী
, অধিক
স্পৰ্শবেদ্য৷ এইফালৰ পৰা বাংলা ৰূপটোক অনুবাদ আখ্যা দিয়াতকৈ পুনঃসৃষ্টি (
Recreation) বুলিলেহে অধিক ৰজিতা খায়৷
    প্ৰসংগ ক্ৰমে উল্লেখযোগ্য যে ভাঙনি কোঁৱৰ
আনন্দ চন্দ্ৰ আগৰৱালাই ইংৰাজী “
A Psalm of Life” কবিতাটো “জীৱন সংগীত” নাম দি অসমীয়ালৈ অনুবাদ কৰিছিল৷ ইংৰাজী
কবিতাটোৰ প্ৰথম শাৰীটো আছিল এনে ধৰণৰ

Tell me not in mournful number

That life is an empty dream.

আগৰৱালাদেৱে ইয়াৰ অসমীয়া অনুবাদ কৰিছিল
এনেদৰে

শোকৰ কবিতা ৰচি দুধাৰি চকুলো মচি

নকবা জীৱন মিছা নিশাৰ সপোন

অসাৰ সংসাৰ ভাই ইয়াত সকাম নাই

মোহময় মামাময় সকলো মাথোন৷

    আগৰৱালাদেৱৰ ভাঙনি বা অনুবাদৰ সাৰ্থকতা
সৰ্বজন বিদিত৷ এই বিশেষ ইংৰাজী কবিতাটোৰ তুলনাত আগৰৱালাকৃত অনুবাদটোহে মৌলিক যেন
লাগে৷ কবিতাটো অনুবাদ নহৈ যেন পুনঃসৃষ্টিহে হৈছে৷ ভূপেন হাজৰিকাৰ “দোলা”
শীৰ্ষক গীতটিৰ বাংলা ৰূপান্তৰটিয়েও কেতবোৰ দিশত তেনে মৌলিকত্ব দাবী কৰিব পাৰে৷
    এতিয়া আলোচনাৰ বাবে নিৰ্বাচন কৰি লোৱা আনটো
গীতৰ প্ৰসংগলৈ অহা যাওক৷ গীতটি হ
ল “ফুট গধূলিতে
কপিলী খুঁটিত”৷ এই গীতটিও আগৰটোৰ দৰেই যথেষ্ট পুৰণি৷ ভূপেন হাজৰিকাৰ কণ্ঠ আৰু
গীতটোৰ সৈতে সংগত কৰা বাদ্যযন্ত্ৰ আৰু সংগীতে তাৰ প্ৰমাণ দাঙি ধৰে ৷ ইয়াৰ বিপৰীতে
বাংলা গীতটোৰ সংগীত যথেষ্ট আধুনিক বা নতুন৷ পাঠকৰ সুবিধাৰ্থে আলোচ্য অসমীয়া গীতটোৰ
পূৰ্ণপাঠ তলত দিয়া হ
ল :

ফুট গধূলিতে কপিলী খুঁটিত

কোন গুৰ্খালী গাভৰুৰে গাইজনী হেৰায়,

গাইজনীনো কেনে তুলনা যে নাই

হেনো সেই চাপৰিত তাইৰ মান

গাখীৰতী নাই৷

কাঞ্চীয়ে ৰিঙিয়ায়

বগী গাই অলচমী গাই,

তুমি দেখোন নাহিলে ব্যৱসায়ো নাই৷

সেই মিঠা মাতৰ চিঞৰে কপিলী কঁপায়৷

তাইৰ ৰূপতীৰ্থৰ যাত্ৰী এজন মাথোন আছে,

গাঁও তাৰ ক্ষেত্ৰী সি নল বাহাদুৰ ছেত্ৰী,

গাই বিচৰাৰ ছলে মনৰ মৰম যাচে,

সেই মৰম দেখি কাঞ্চীজনী ৰঙা পৰি যায়৷

নল খাগৰিৰ মাজতে সি গাই বিচাৰি পালে,

গাই বিচাৰি পাই তাইক গাইজনী দিলে,

গাইজনীয়েও আনন্দতে গো ধূলি উৰায়৷

গীতটিৰ বাংলা অনুবাদ এনে ধৰণৰ :

ঠিক গধূলিতে কপিলী গাঞে

কোন গুৰ্খালী যুবতীৰ গাই হাৰালো,

গাইটিৰ কোনো তুলনাতো নাই,

আ এই গাঞে তাইৰ মত দুগ্ধৱতী নাই৷

কাঞ্চী ডাক দিল

ধউলী গাই অলচমী গাই,

তুমি ফিৰে না এলে ব্যবসাও নাই৷

তাৰ মিষ্টি গলাৰ মাতনে কপিলী কাঁপায়৷

তাৰ ৰূপতীৰ্থৰ যাত্ৰী একজনেই আছে,

গ্ৰাম তাৰ ক্ষেত্ৰী সে নল বাহাদুৰ ছেত্ৰী,

গাই খোঁজাৰ চলে মনেৰ সোহাগ যাচে,

সেই সোহাগ দেখে কাঞ্চীৰ মন

লাজে ৰাঙা হয় ৃ৷

নল খাগৰাৰ বনেতে সে গাইটি খুঁজে পেল

গাই খুঁজে পেয়ে তাকে ফিৰিয়েতে দিল

সেই আনন্দেতে ধউলী গাই গো ধূলি ওৰায়৷

    নকলেও চলে, গীতটোৰ দুয়োটা ৰূপৰ ভাব-ভাষা একেই৷ দুয়োটা গীতৰ পটভূমি অসমৰ কপিলী পাৰৰ নেপালী
অধ্যুষিত অঞ্চল৷ সহজ-সৰল এইসকল লোকৰ জীৱিকাৰ প্ৰধান সম্বল হ
ল গাখীৰৰ ব্যৱসায়৷ তাৰ বাবে তেওঁলোকে গৰু-গাই পোহে, সিবোৰৰ প্ৰতিপালন কৰে৷ কেনেবাকৈ গাই হেৰালে তেওঁলোকৰ জীৱিকাৰ পথো বন্ধ হয়৷
তেনে সম্প্ৰদায়ৰ এগৰাকী গাভৰুৰ পোহনীয়া বগী গাইজনী হেৰোৱাত তাই বিপাঙত পৰিছে৷
কিন্তু তাইক সহায় কৰিবলৈ আগবাঢ়ি আহিছে ওচৰৰ ক্ষেত্ৰী অঞ্চলৰ একে সম্প্ৰদায়ৰে নল
বাহাদুৰ ছেত্ৰী নামৰ যুৱক এজন৷ সি গাই বিচাৰি দিয়াৰ ছলেৰে তাইক মনৰ মৰমো দিছে৷
অৱশেষত নল খাগৰিৰ মাজত গাইজনী বিচাৰি পাই সি কাঞ্চীজনীক ওভতাই দিছে৷ গীতটিৰ দুয়োটা
ৰূপৰ মূল বক্তব্য বিষয় এইখিনিয়ে৷
     এক কাহিনী কথনৰ ভংগীৰে শব্দৰ তুলিকা আৰু
উপযুক্ত সুৰ-সঞ্চাৰেৰে ভূপেন হাজৰিকাই ইয়াত কপিলী-পাৰৰ নেপালী সম্প্ৰদায়ৰ
জীৱন-জীৱিকাৰ উপৰি সেই জনগোষ্ঠীৰ এহাল ডেকা-গাভৰুৰ প্ৰেমৰ এক অনবদ্য চিত্ৰ অংকন
কৰিছে৷ এনেয়ে সাধাৰণভাৱে পঢ়ি গ
লে গীতটিৰ শব্দ-চয়নত
তেনে কোনো বিশেষ বৈচিত্ৰ্য থকা যেন অনুভৱ নহয়৷ গীতিকাৰে নিতান্তই সাধাৰণ
শব্দকেইটামানেৰে গদ্যভংগীৰে গীতটি ৰচনা কৰিছে৷ কিন্তু অমিত প্ৰতিভাধৰ গায়ক ভূপেন
হাজৰিকাৰ সুৰৰ মায়াজালে তাক অতুলনীয় ৰূপ দি শুনিবলৈ শুৱলা কৰি তুলিছে৷ গীতটোত
নেপালী গাভৰুক বুজাবলৈ সাধাৰণতে ব্যৱহাৰ কৰা গুৰ্খালী (গোৰ্খা)
, কাঞ্চী শব্দ দুটাৰ ব্যৱহাৰ লক্ষণীয়৷
    অসমৰ কপিলীপৰীয়া গৰু-মহৰ খুঁটিৰ পৰিৱেশ বাংলাত পাবলৈ নাই৷ তথাপি বাংলা অনুবাদকে গীতটিৰ মূল ভাব-ভাষা
ধৰি ৰাখিব পাৰিছে বুলি সহজে পতিয়ন যাব পাৰি৷ যি কোনো বিষয়ৰ প্ৰতিটো শব্দৰ
প্ৰতিশব্দ নিৰ্ণয় কৰি অনুবাদ কৰা কাৰো পক্ষেই যে সম্ভৱ নহয়
, সেই কথাৰ আভাস আলোচনাৰ আৰম্ভণিতে দি অহা হৈছে৷ সেয়ে হলেও,
তেনে শব্দৰ সঠিক অৰ্থ ধৰি ৰাখিব পৰাকৈ নিজাকৈ শব্দ নিৰ্বাচন
কৰি ল
ব পৰাটো নিশ্চয়কৈ অনুবাদকৰ কৃতিত্বৰ ভিতৰত পৰিব৷ আলোচ্য গীতটোৰ বাংলা
ৰূপান্তৰৰ ক্ষেত্ৰতো সেই কথা প্ৰযোজ্য৷ তলত তাৰে কেইটিমান উদাহৰণ দাঙি ধৰা হ
ল :
অসমীয়া ভাষাত গধূলিৰ বিভিন্ন পৰ বা সময়
বুজাবলৈ ভালেমান শব্দ আছে৷ তাৰে এটা হ
ফুট গধূলি৷ শব্দটোৱে গধূলি হোৱাৰ বা গৰু গাই ঘৰলৈ অহাৰ
পৰৰ বা সময়ৰ জাননী দিয়ে৷ বাংলাত তেনে শব্দ নাই৷ গতিকে সুৰৰ সৈতে খাপ খাই পৰাকৈ
“ঠিক গধূলি” শব্দগুচ্ছ উপযুক্তভাৱে নিৰ্বাচন কৰি লোৱা বুলি ক
ব পাৰি৷ তেনেদৰে, বাংলাত গৰু-মহ ৰখা ঠাই বা বাথান বুজোৱা খুঁটি‘, গৰু চৰোৱা নৈৰ চাপৰি‘, বেছিকৈ গাখীৰ
দিয়া গাইক বুজোৱা
গাখীৰতী‘, ‘বগী‘, ‘গাভৰু‘,
দীঘল চিঞৰ বুজোৱা ৰিঙিয়ায়আদি শব্দ নাই৷ গতিকে তাৰ ঠাই লৈছে গাঁও বুজোৱা গাঞে‘,
দুগ্ধৱতী‘, ‘ধউলি‘, ‘যুবতী‘,
ডাক দিলআদি শব্দই৷
    গীতটিৰ “তুমি দেখোন নাহিলে”-ৰ
অনুবাদ “তুমি ফিৰে না এলে” অধিক অৰ্থৱহ৷ “সেই মিঠা মাতৰ
চিঞৰে/কপিলী কঁপায়”-ৰ তুলনাত “তাৰ মিষ্টি গলাৰ মাতনে/ কঁপিলী
কাঁপায়” কিছু জঠৰ যেন লাগে৷ অৱশ্যে ভূপেন হাজৰিকাৰ সুৰ আৰু কণ্ঠই শ্ৰোতাক সেই
জঠৰতা অলপো অনুভৱ কৰিবলৈ নিদিয়ে৷ অসমীয়া গীতটোত নল বাহাদুৰ ছেত্ৰীৰ মনৰ মৰমত
“কাঞ্চীজনী ৰঙা পৰি যায়” বুলি প্ৰেমৰ এক শাৰীৰিক অভিব্যক্তি প্ৰকাশ কৰা
হৈছে৷ আনহাতে বাংলা ৰূপটোত “কাঞ্চীৰ মন লাজে ৰাঙা হয়”-ৰ উল্লেখেৰে
প্ৰেমৰ মানসিক অৱস্থাৰ ছবি অংকন কৰা হৈছে৷ অসমীয়া গীতটোৰ অন্তিম শাৰীটোত
বগী গাই‘-ৰ পুনৰাবৃত্তি নাই৷ ইয়াৰ বিপৰীতে বাংলা
অনুবাদত “আনন্দেতে ধউলি গাই” বুলি তাৰ পুনৰাবৃত্তি ঘটোৱা হৈছে৷ মুঠতে
, সামগ্ৰিকভাৱে বাংলা ৰূপটিক অসমীয়া গীতটোৰ সঠিক ৰূপান্তৰ বুলিলেও বঢ়াই কোৱা
নহয়৷ আনপক্ষে “দোলা হে দোলা” গীতটিৰ দৰে এই গীতটিকো এক ধৰণৰ পুনঃসৃষ্টি
(
Recreation)
আখ্যা দিব পাৰি৷
    ভূপেন হাজৰিকাৰ গীতৰ বাংলা অনুবাদ নিঃসন্দেহে
এক গৱেষণাৰ বিষয়৷ পৰিসৰ নিতান্তই সীমিত হোৱা হেতুকে ইয়াত মাত্ৰ দুটা গীতৰ যৎ
সামান্য আলোচনা দাঙি ধৰা হ
ল৷ তুলনামূলক সাহিত্য তত্ত্ব আৰু অনুবাদ কলাৰ
আধাৰত বিষয়টোৰ আনুষ্ঠানিক গৱেষণা হ
লে নতুন নতুন
দিশ পোহৰলৈ আহিব বুলি দৃঢ়তাৰে বিশ্বাস বিশ্বাস কৰিব পাৰি৷ তদুপৰি
, ভূপেন হাজৰিকাৰ গীতত বৈপ্লৱিক চিন্তা, লোক-জীৱন, লোকভাষাৰ প্ৰয়োগ, সুৰৰ বৈচিত্ৰ্য ইত্যাদি দিশৰো গৱেষণা হব পাৰে৷ প্ৰসংগ ক্ৰমে উল্লেখ কৰা সমীচীন হব যে ভূপেন
হাজৰিকাৰ প্ৰায় প্ৰতিটো গীতৰ তৃতীয় স্তৱকত সুৰৰ পৰিৱৰ্তন লক্ষ্য কৰা যায়৷ ই
ভূপেন্দ্ৰ সংগীত‘-ৰ একক আৰু অনন্য বৈশিষ্ট্য৷ আলোচ্য গীত দুটাও
তাৰ ব্যতিক্ৰম নহয়৷ আশাকৰোঁ নতুন গৱেষকসকলে এই আটাইবোৰ দিশলৈ মনোযোগ দি অসমীয়াৰ
হিয়াৰ আমঠু জীৱন-শিল্পী গৰাকীক জীয়াই ৰখাৰ চেষ্টাত ব্ৰতী হ
ব৷

    পৰিশেষত একালৰ চীনৰ চেয়াৰমেন মাও জে দঙৰ এষাৰ
বহুমূলীয়া কথাৰে এই আলোচনাৰ ওৰ পেলাইছোঁ৷ তেওঁৰ মতে

“কিছুমান মানুহৰ মৃত্যু থাই পাহাৰতকৈয়ো গুৰু-গম্ভীৰ, আনহাতে, আন কিছুমানৰ মৃত্যু কিন্তু পাতিহাঁহৰ
পাখিতকৈয়ো পাতল৷ মানুহৰ মুকুতিৰ বাবে অহৰহ সংগ্ৰাম কৰাজনৰ জীৱন নিশ্চয়কৈ হিমালয়
সদৃশ গুৰু-গম্ভীৰ৷ ভূপেন হাজৰিকাৰ সংগীত-সাধনাৰ মূল কেন্দ্ৰবিন্দু আছিল মানুহ৷
যাযাবৰী জীৱন-পৰিক্ৰমাৰ সৈতে সংযুক্ত তেওঁৰ এই মানৱ-প্ৰীতিক সচল কৰি ৰখাৰ দায়িত্ব
নিশ্চয়কৈ নতুন পুৰুষৰ৷”


© খগেশ সেন ডেকা

Popular Post

ঐতিহাসিক চিঠি