গল্পঃ পৃথিৱীৰ আটাইতকৈ সুন্দৰ পানীত ডুবি মৰা মানুহটো / গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কেজ

Posted by : translatorsassam
June 14, 2020

পৃথিৱীৰ আটাইতকৈ সুন্দৰ পানীত ডুবি মৰা মানুহটো


মূল : গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কেজ


অনুবাদ : গীতাশ্ৰী তামুলী


 

সাগৰেৰে উটি
অহা ক
লা আৰু উফন্দি থকা বস্তুটো দেখা প্ৰথম শিশুজাকে ভাবিছিল এয়া
শত্ৰুপক্ষৰ জাহাজ৷ সিহঁতে যেতিয়া দেখিলে যে ইয়াত পতাকা বা মাস্তুল নাই
, তেতিয়া সিহঁতে ভাবিলে এইটো এটা তিমি৷ কিন্তু উপকূলত আহি
লগাৰ পিছত সামুদ্ৰিক তৃণৰ জাঁজীবোৰ
, তৰা মাছৰ শুংবোৰ আৰু মাছ আৰু উটি অহা অন্য বস্তুৰ অৱশিষ্ট অংশবোৰ এৰুৱাই দিয়াৰ
পাছত সিহঁতে দেখিলে
, এয়া দেখোন এটা
পানীত ডুবি মৰা মানুহহে৷

গোটেই
আবেলিটো সিহঁতে মানুহটোৰ সৈতে খেলি থাকিল
এবাৰ বালিত পুতি পেলায় আৰু তাৰ পিছত খান্দি উলিয়ায়৷ কোনোবাই সিহঁতৰ এই কাম
দেখা পাই গাঁৱত খবৰ দিলেগৈ৷ যিবোৰ মানুহে মৃতদেহটো একেবাৰে ওচৰতে থকা মানুহ ঘৰলৈ
কঢ়িয়াই নিছিল
, সিহঁতে দেখিলে যে মৃতদেহটো সিহঁতে
জনা যিকোনো এজন মৃত মানুহতকৈ গধুৰ৷ প্ৰায় এটা ঘোঁৰাৰ সমানেই৷ সিহঁতে নিজৰ ভিতৰতে
কথা পাতিলে
, মৃতদেহটো নিশ্চয় বহু দূৰ পানীত উটি
আহিছে আৰু হাড় পৰ্যন্ত পানী বিয়পি গৈছে৷ মজিয়াত শুৱাই দিওঁতে সিহঁতে দেখা পালে
, ই আন যিকোনো মানুহতকৈ ওখ৷ মৃতদেহটো কোনোমতেহে ঘৰটোত
আঁটিছিল৷ সিহঁতে এনেকৈও ভাবিছিল
কিছুমান পানীত ডুবি
মৰা মানুহৰ মৰাৰ পাচত বাঢ়ি গৈ থকাৰ ক্ষমতা থাকে৷ শটোৰ পৰা সাগৰৰ গোন্ধ বিয়পি
পৰিছিল আৰু ছালখনত বোকা আৰু মাছৰ বাকলিৰ চামনিৰে এখন তৰপ পৰিছিল৷ ফলত কেৱল আকাৰটোৰ
পৰাহে এইটো এটা মানুহৰ মৃতদেহ বুলি ধাৰণা কৰিব পৰা গৈছিল৷

মৃতদেহটোযে
এজন অচিনাকি ব্যক্তিৰ
, এই কথা জানিবৰ বাবে
মানুহবোৰে মুখখন চাফা কৰি চাব লগা হোৱা নাছিল৷ গাওঁখনত মাত্ৰ বিছঘৰ মানুহ আছিল৷
ঘৰবোৰ কাঠৰ যদিও চোতালবোৰ শিলেৰে বন্ধোৱা
, তো এজোপা ফুলো নাই৷ গাওঁখনত মাটি আছিল নিচেই কম, ফলত বতাহে সৰু সৰু লৰা-ছোৱালীবোৰক
উৰুৱাই লৈ যাব বুলি মাকবোৰ অনবৰতে আতংকত আছিল৷ পাৰ হৈ যোৱা বছৰকেইটাত মৃত্যু ঘটা
মানুহবোৰক সাগৰত লাগি থকা শিলৰ পাহাৰটোলৈ নি দলিয়াই সাগৰত পেলাই দিয়া হৈছিল৷
সাগৰখন আছিল শান্ত আৰু সহৃদয়৷ গাঁওখনৰ এমুঠিমান মানুহৰ বাবে সাতখন নাৱেই আছিল
যথেষ্ট৷ গতিকে পানীত ডুবি মৰা মানুহৰ শ এটা পোৱাৰ লগে লগে সিহঁতে এজনে আনজনলৈ চকু
ফুৰায়েই এই কথা নিশ্চিত হ
ল যে মানুহটো এই
গাঁৱৰ নহয়৷

সেই ৰাতি
মানুহবোৰ কাম কৰিবৰ বাবে সাগৰলৈ নগ
ল৷ মতা
মানুহবোৰ ওচৰৰ গাওঁবোৰত কোনোবা হেৰাইছে নেকি খবৰ কৰিবলৈ বুলি ওলাই গ
ল৷ তিৰোতাবোৰে সেই সময়খিনিত মৃতদেহটো পৰ দি থাকিল৷ সিহঁতে
ঘাঁহ-বনৰ পাতেৰে শটোৰ মুখত লাগি থকা বোকা মচি দিলে
, চুলিত লাগি ৰোৱা শিলবোৰ এৰুৱাই আনিলে আৰু মাছৰ বাকলি গুচোৱা যতনেৰে ছালত লাগি
ধৰা ডাঠ চামনিখন এৰুৱাই আনিলে৷ তেতিয়াহে সিহঁতে মন কৰিলে যে মানুহটোৰ গাত লাগি
ৰোৱা গছ-বনবোৰ সুদূৰৰ সাগৰৰ  আৰু গভীৰ
পানীৰ৷ তদুপৰি মানুহটোৰ কাপোৰকানি এনেদৰে ছিৰলাছিৰলি হৈ পৰিছিল যেন সি প্ৰবালেৰে
উপচি থকা গোপন পথবোৰেদিহে উপঙি আহি আছিল৷ সিহঁতে আৰু মন কৰিলে
, মানুহটোৱে মৃত্যুক গৰ্বেৰে গ্ৰহণ কৰিছিল৷ কাৰণ সাগৰত ডুবি
মৰা আন মানুহবোৰৰ দৰে তাৰ চাৱনিত কোনো অকলশৰীয়া ভাব ফুটি উঠা নাছিল৷ নাইবা নদীত
ডুব যোৱা মানুহৰ ম্লান
, অন্যমনষ্ক চাৱনিও
তাৰ চকুত লাগি থকা নাছিল৷ চাফাই কামখিনি কৰি আঁতৰোৱাৰ পাচত মানুহটো ভালদৰে দেখিবলৈ
পাই সিহঁতৰ উশাহ বন্ধ হোৱা অৱস্থা হ
ল৷ মানুহটো
সিহঁতে দেখা পোৱা সকলো মানুহতকৈ ওখ
, শক্তিশালী, দৃঢ় আৰু সুগঠিত শৰীৰৰ, তাৰ ফালে চাই থাকোতে সিহঁতে অনুভৱ কৰিলে, এনে এক মানুহক সিহঁতৰ কল্পনায়ো ঢুকি নাপায়৷ মানুহটোক শুৱাবৰ
জোখাৰে ডাঙৰ বিচনা গোটেই গাওঁখনতো বিচাৰি পোৱা নগ
ল৷ সদ্যমৃত মানুহটোৰ বাবে ৰাতি ঈশ্বৰক প্ৰাৰ্থনা জনাবলৈ ভাল এখন টেবুলো তাত
নাছিল৷ গাঁৱৰ আটাইতকৈ ওখ মানুহটোৱে উৎসৱৰ দিনত পিন্ধা পেণ্টটো তাৰ জোখৰ নহ
ল৷ আটাইতকৈ শকত মানুহটোৰ দেওবৰীয়া ছোলাটো তাৰ বাবে সৰু
হৈছিল
,
গাঁৱৰ আটাইতকৈ ডাঙৰ ভৰিৰ মানুহটোৰ জোতাযোৰো হৈছিল সৰু৷ এই
বিশাল আকাৰ আৰু সৌন্দৰ্যত মুগ্ধ হৈ তিৰোতাবোৰে মানুহটোৰ বাবে ডাঙৰ এখন পালেৰে এটা
পেণ্ট চিলোৱাৰ থিৰাং কৰিলে৷ বিয়াত পিন্ধা লিনেনেৰ সিহঁতে এটা চোলা সীবলৈ ললে
, যাতে মানুহটোৱে সন্মানেৰে সৈতে শেষযাত্ৰা কৰিব পাৰে৷ কাপোৰ
সী থাকোতে সিহঁতে গোলকৈ বহি লৈছিল আৰু মাজে মাজে মৃতহেদটোৰ ফালে মূৰ তুলি চাইছিল৷
সিহঁতে মন কৰিলে
, সেই নিশাৰ দৰে বতাহ
কেতিয়াও ইমান শান্ত নাছিল
, সাগৰখনো ইমান
দুৰ্দান্ত নাছিল৷ এই মৰা মানুহটোৰ লগত এই ঘটনাবোৰৰ নিশ্চয় কিবা বেয়া সূত্ৰ আছে
, তিৰোতাবোৰে ধৰি ললে৷ সিহঁতৰ মনলৈ অহা কথাটো আছিলএনে এটা আৰ্য সুন্দৰ মানুহ এই গাওঁখনত বাস কৰা হলে, সেই ঘৰটোতেই যদি আটাইতকৈ বহল দুৱাৰখন থাকিলহেঁতেন, নাইবা আটাইতকৈ ওখ
ছিলিংখন বা মজবুত মজিয়া থকা ঘৰটো এই মানুহটোৰে হ
লহেঁতেন৷ টান কাঠত লোহাৰ বল্টু কচি সজা
এখন বিচনাত যি শুলেহেঁতেন আৰু তাৰ ঘৈণীয়েকজনী হ
লহেঁতেন আটাইতকৈ সুখী মানুহজনী৷

মানুহটোৰ
কৰ্তৃত্বৰ নিদৰ্শন হিচাপে সি নাম ধৰি মতা মাত্ৰকতে সাগৰৰ পৰা মাছবোৰ ওলাই
আহিলহেঁতেন৷ তাৰ শ্ৰমৰ প্ৰকোপত শিলৰ বুকু বিদাৰি নিজৰা বৈ আহিলহেঁতেন আৰু
মানুহটোৱে সেই শিলৰ পৰ্বতটোত ফুলৰ গছ ৰুলেহেঁতেন৷ মনে মনে সিহঁতে মানুহটোক নিজৰ
গিৰিয়েকহঁতৰ লগত ৰিজাই চালে আৰু অনুভৱ কৰিলে
, এই মানুহটোৱে এটা মাত্ৰ ৰাতিৰ ভিতৰত কৰি পেলাব পৰা কামখিনি সিহঁতে গোটেই
জীৱনটোতো কৰিব নোৱাৰিলে৷ হৃদয়ৰ নিভৃত কোণত সিহঁতে অনুভৱ কৰিলে যে সিহঁতবোৰ পৃথিৱীৰ
ভিতৰতে আটাইতকৈ নিশকতীয়া
, নীচ আৰু কাম
নাইকিয়া৷ তিৰোতাবোৰ বাস্তৱ-বিভ্ৰমৰ এনে এক অগাইধনিৰ মাজত বিচৰণ কৰি ফুৰাৰ সময়তে
বুঢ়ী মানুহজনীয়ে দীৰ্ঘশ্বাস কাঢ়ি কৈ পেলালে
– ‘‘ইস্তেবান নামৰ এটা মানুহৰ নিচিনা ইয়াৰ মুখখন৷’’

বুঢ়ীয়ে
নিজৰ বাৰ্ধক্যৰ বাবেই মানুহটোক আবেগেৰে নহয়
, ততোধিক ব্যথাৰে নিৰীক্ষণ কৰি আছিল৷ বুঢ়ীৰ কথাই আছিল সঁচা৷ বেছিভাগ তিৰোতাই
মানুহটোলৈ আৰু এবাৰ মাত্ৰ চাব লগা হ
ল৷ তাৰ পাছত
সিহঁতেও মানি ল
লে, মানুহটোৰ এইটো নামেই হব লাগিব৷ কম বয়সীয়া
ডেকেৰী তিৰোতা কেইজনী আছিল মইমতীয়া
, আকোৰগোঁজ৷ সিহঁতে এক ভ্ৰমৰ মাজত বাস কৰি আছিল আৰু ভাবিছিল সিহঁতে সী দিয়া
কাপোৰ আৰু পেটেণ্ট থকা চামৰাৰ জোতা পৰিধান কৰি ফুলৰ মাজত শুই থকা এই মানুহটোৰ নাম
তাৰোহে৷ কিন্তু এয়া আছিল এক ভ্ৰম৷ পেণ্টটো চিলাই কৰিবলৈ
যথেষ্ট পৰিমাণৰ কেনভাছ নাছিল
, কটা হৈছিল বেয়াকৈ, চিলোৱা হৈছিল অধিক বেয়াকৈ৷ ফলত পেণ্টটো হৈছিল আজোখৰ৷
মানুহটোৰ বুকুত লুকাই থকা শক্তিখিনিৰি বাবে চোলাটোৰ বুটামকেইটা উফৰি পৰিছিল৷
মাজনিশাৰ পাচত বতাহৰ হুৰ্‌হুৰনিৰ শব্দ নোহোৱা হ
ল আৰু সাগৰখনো টোপনিত কলমটিয়াবলৈ ধৰিলে৷ এই নীৰৱতাই শেষ সন্দেহকণো মষিমূৰ কৰি
মানুহটো ইস্তেবানেই
হয়৷ যি কেইজনী মানুহে মৃত মানুহটোৰ চুলিখিনি আঁচুৰি দিছিল
, গাত কাপোৰ পিন্ধাই দিছিল আৰু নখ-দাঢ়ি কাটি দিছিল, সিহঁতেই মৃতদেহটো মাটিৰে চোঁচৰাই নিবলৈ অক্ষম হৈ মানুহটোৰ
প্ৰতি এক অপ্ৰতিৰোধ্য সহানুভূতি অনুভৱ কৰিলে৷ মৃত্যুৰ পাছতো মানুহটোক ইমানকৈ কষ্ট
দিয়া এই প্ৰকাণ্ড শৰীৰটোৰ সৈতে সি কিমান অসুখী আছিল তেনেহ
লে,  মানুহ কেইজনীয়ে এতিয়াহে বুজি পালে৷ সিহঁতে যেন তাক
জীৱন্ত ৰূপতে দেখা পালে
, দুৱাৰ পাৰ হওঁতে সি
কেনেকৈ এফালে মূৰটো হলাই দিছে
, ঘৰৰ চতিত কেনেকৈ খুন্দা খাইছে, ৰবালৈ ফুৰিবলৈ 
যোৱাৰ সময়ত কেনেকৈ গোটেই সময়খিনি থিয় হৈ থাকিব লগা হৈছে
, নাইবা কেনেকৈ সি তাৰ সাগৰীয় সিংহৰ দৰে কোমল, গুলপীয়া হাত দুখন কত থওঁ কত
নথওঁ হৈ বিব্ৰত হৈ পৰিছে৷ গিৰিহঁতনীয়ে হয়তো তাৰ বাবে ঘৰখনৰ আটাইতকৈ মজবুত চকীখনকে
বিচাৰি উলিয়াই তাক বহিবলৈ দিছে, কিন্তু চকীখন ভাঙি পেলোৱাৰ লাজৰ হাত সাৰিবলৈ সি
বেৰত আঁউজি ৰৈ মিছিকিয়া হাঁহিৰে কৈছে
, মোৰ একো দিগদাৰ হোৱা নাই, মই ঠিকেই আছোজ্ব
অথচ দীৰ্ঘ সময়জুৰি এনেদৰে থাকিব লগা হোৱা বাবে তাৰ গোৰোহা ফাটি গৈছে আৰু পিঠিত
পোৰণি উঠিছে৷ হয়তো যি কোনোদিন জনা নাছিল
, যিসকলে তাক অলপ ৰৈ কফি একাপ খাই যাবলৈ অনুৰোধ কৰিছিল, সেইসকলেই পাছত ফুচ্‌-ফুচাই কথা পাতিছিলৰক্ষা! প্ৰকাণ্ড অজগৌটো গ,
ধুনীয়া হেবাংটো গল৷ দোকমোকালিৰ
ঠিক আগে আগে মৃতদেহটোৰ কাষত ৰৈ তিৰোতাবোৰে এই কথাবোৰকে ভাবি আছিল৷ পাছত
, পোহৰে দিগদাৰ নকৰক বুলি সিহঁতে যেতিয়া ৰুমালেৰে তাৰ মুখখন
ঢাকি দিলে
, এনে লাগিল যেন সি সদায় এনেদৰে মৰাই
আছিল
,
কোনো প্ৰতিৰোধ বা আপত্তি নাই, একেবাৰে সিহঁতৰ গিৰিয়েকহঁতৰে দৰেই৷ অনুভূতিটোৱে তিৰোতাবোৰৰ হিয়াত চকুপানীৰ লোৰ
খান্দি দিলে৷ কম বয়সীয়া তিৰোতাকেইজনীয়ে কান্দিবলৈ ধৰিলে৷ আনবোৰেও হুমুনিয়াহ
কাঢ়িলে
,
ফুচ্‌ফুচাই কান্দিলে, নাইবা উচুপি উঠিল আৰু যিমানে সিহঁতে উচুপিলে, সিমানে আৰু কান্দিবৰ তাড়না অনুভৱ কৰিলে৷ কাৰণ পানীত ডুৱ গৈ মৰা মানুহটো
সিহঁতৰ মানত একেবাৰেই ইস্তেবান হৈ পৰিল৷ সিহঁতে আৰু ৰাউচি জুৰি কান্দিলে। কাৰণ
সি আছিল আটাইতকৈ অকলশৰীয়া
, অৱহেলিত, শান্তিপ্ৰিয় আৰু এই পৃথিৱীৰ আটাইতকৈ বাধ্য মানুহটো৷
দুৰ্ভগীয়া ইস্তেবান !

পানীত বুৰি
মৰা মানুহটো ওচৰৰ কোনো গাঁৱৰেই নহয় বুলি খবৰ লৈ মতা মানুহবোৰ যেতিয়া উভতি আহিল
, চকুপানীৰ মাজতেই তিৰোতাবোৰ উল্লাসত ফাটি পৰিল৷

সিহঁতে
হুমুনিয়াহ কাঢ়ি কৈ উঠিল
, ‘ভগৱানক ধন্যবাদ! সি
আমাৰ মাজৰে এটা৷

সমগ্ৰ
কাণ্ডটোক মতা মানুহবোৰে তিৰোতাৰ অৰ্থহীন কাণ্ড বুলিহে ভাবিছিল৷ গোটেই ৰাতি
গাঁৱে-গাঁৱে খা-খবৰ কৰি কৰি সিহঁত ভাগৰুৱা হৈ পৰিছিল আৰু সিহঁতৰ একমাত্ৰ চিন্তাটো
আছিল
,
এছাটি বতাহো নথকা প্ৰখৰ তাপৰ এই দিনটোত ৰদ অধিক চোকা হোৱাৰ আগতে কেনেকৈ এই নৱাগত মানুহটোক কিবা এটা
দিহা লগাব পৰা যায়৷ সিহঁতে মাস্তুলৰ অৱশিষ্ট অংশ আৰু মাছ ধৰিবলৈ ব্যৱহাৰ কৰা বৰ্শা
লগ লগাই পালত লগোৱা জৰী-ফঁহটিৰে বান্ধি এখন সাঙী সাজি উলিয়ালে
, যাতে থিয় পাহাৰটোৰ একেবাৰে ওপৰৰ জাগাখিনি পোৱালৈকে শটো
সুকলমে কঢ়িয়াই লৈ যাব পাৰে৷ বান্ধনী জৰীডাল এখন মালবাহী জাহাজত এনেকৈ লগাই দিলে
, যাতে গভীৰ সমুদ্ৰত মৃতদেহটো সহজেই ডুব যায়৷ সেই ঠাইত মাছবোৰ
হুতাশনীয়া হৈ থাকে
, সামুদ্ৰিক পখীবোৰে
স্মৃতিকাতৰতাত ভোগে আৰু য
ৰ পৰা আন কিছুমান
মৃতদেহৰ দৰে ঢৌৱে শটো কঢ়িয়াই আনি উপকূলত থৈ যাবহি নোৱাৰে৷ কিন্তু মতা মানুহবোৰে
যিমানে লৰালৰি কৰিলে
, সিমানে তিৰোতাবোৰে
সময় নষ্ট কৰাৰ নতুন নতুন উপায় উলিয়ালে৷ হতভম্ব হৈ পৰা মাইকী কুকুৰাৰ দৰে সিহঁত
অহা-যোৱা কৰি আছিল৷

এফালে কোনোবাজনীয়ে
ডুবি মৰা মানুহটোৰ গাত ভালদৰে বতাহ লাগিবলৈ চৰাইৰ পাখিৰে বা দিছিল
, আনফালে আন এজনীয়ে কঁকালত এডাল কম্পাছ পিন্ধাই দিছিল, ‘ইয়াৰ পৰা আঁতৰ’, ‘বাটটো এৰি দে’, ‘চাওঁ, মোক মৰা মানুহটোৰ গাৰ ওপৰতে পেলাবই খুজিছিলিজাতীয় বহুবোৰ বাক্য উচ্ছাৰণ কৰাৰ পাছত মতা মানুহবোৰে নিজৰ
ওপৰতে অবিশ্বাস কৰিবলৈ লাগিল আৰু গোৰোহনি মাৰি সুধিলে
, ‘এটা অচিনাকি মানুহৰ বাবে ইমানবোৰ মূল-বেদী সজোৱাৰ কি দৰকাৰ’, ‘যিমানবোৰ গজাল আৰু পবিত্ৰ পানীৰ পাত্ৰ আঁৰি নিদিয়কহঁক কিয়, তাকতো একেদৰেই তিমিমাছে খাই পেলাব৷ তিৰোতাবোৰে কিন্তু দৰা-ঢপৰা কৰি অত-তত পৰি থকা পৱিত্ৰ বস্তুবোৰ গোট খুৱালেহি, ৰবাত কোনোজনীয়ে
উজুটিও খালে
, কন্দা বন্ধ কৰি সিহঁতে দীৰ্ঘশ্বাস
কাঢ়িবলৈ ধৰিলে আৰু অৱশেষত মতা মানুহবোৰৰ বিস্ফোৰণ ঘটিল
– ‘উপঙি অহা শ এটাৰ বাবে, ডুবি মৰা নদাই-ভদাই এটাৰ বাবে, চেঁচা পৰা মঙহৰ ভাৰ এটাৰ বাবে এনে কাণ্ড কত দেখিছা!এনে অযত্ন, নিমৰমিয়াল ব্যৱহাৰত
শোকাভিভূত হৈ এজনী তিৰোতাই মৃত মানুহটোৰ মুখৰ পৰা ৰুমালখন আঁতৰাই দিলে আৰু মতা
মানুহবোৰৰো শ্বাস-প্ৰশ্বাস স্তব্ধ হৈ পৰিল৷

যি
ইস্তেবানেই আছিল৷ তাক চিনি পাবলৈ সিহঁতক আৰু একো ক
ব লগা নহল৷ আনকি ছাৰ ৱাল্টাৰ ৰালেই বুলি কোৱা হলে, গ্ৰিংগো উচ্ছাৰণেৰে
কথা কোৱা
,
বাহুত মাকাও চৰাই এটা আৰু হাতত নৰখাদক হত্যাৰ বাবে পুৰণি
ধৰণৰ বন্দুক এটা কঢ়িয়াই ফুৰা সেই মানুহটোৰ বাবেও সিহঁতৰ মনত সহানুভূতি
জাগিলহেঁতেন৷ কিন্তু এই পৃথিৱীত এটাই মাত্ৰ ইস্তেবান থাকিব পাৰে আৰু তাতেই সি পৰি
আছিল
,
স্পাৰ্ম তিমি এটাৰ দৰে, ভৰিত জোতাবিহীন, জোখতকৈ বহু সৰু
পেণ্ট পিন্ধা অৱস্থাত আৰু চুৰি এখন লৈ কাটিব লগা হোৱা শিলৰ দৰে কঠিন নখবোৰৰ সৈতে৷
মুখৰ ৰুমালখন আঁতৰাই দিয়াৰ লগে লগে সিহঁতে দেখিলে মানুহটোৱে লজ্জাবোধ কৰিছে
, যে ইমান ওখ, গধুৰ বা ধুনীয়া হোৱাটো তাৰ নিজৰ দোষ নহয়, যে এনে হব বুলি জনা হলে সি ডুবি মৰিবৰ বাবে ইয়াতকৈ উপযুক্ত ঠাই এডোখৰৰ কথা
বিবেচনা কৰিলেহেঁতেন
, ‘সঁচাকৈয়ে মই আনকি
এখন গেলীয়নৰ [যুদ্ধ-জাহাজ] লংগৰডালকে ডিঙিত বান্ধি ললোহেঁতেন আৰু যাতে বুধবাৰৰ
দিনা এটা মৃতদেহক লৈ মানুহবোৰ বিপদত পৰিব লগা নহয়
, যাতে তোমালোকে কোৱাৰ দৰে কোনোৱে লেতেৰা আৰু চেঁচা পৰা মঙহভাৰ এটাক লৈ
ব্যতিব্যস্ত হ
ব লগা নহয়৷তাৰ ধৰণটোত এনে এক সঁচা যেন ভাব নিহিত আছিল যে মানুহবোৰৰ
মাজৰ আটাইতকৈ অবিশ্বাসী আৰু সন্দিগ্ধ মনৰ কেইটা
, যিকেইটাই সিহঁতৰ ঘৈণীয়েকবোৰে সিহঁতক লৈ সপোন দেখি ভাগৰি পৰি পানীত ডুবি মৰা
মানুহবোৰক লৈ সপোন দেখিবলৈ ধৰিব বুলি ভয়ত সমুদ্ৰৰ অন্তহীন ৰাতিবোৰৰ তিক্ততাৰ মাজত
কাল কটাইছিল
, সিহঁতৰ লগতে আনবোৰৰো কাঠিন্যৰ মাজতো
ইস্তেবানৰ নিষ্ঠা আৰু সততাত হাড়- মজ্জা পৰ্যন্ত কঁপি উঠিছিল৷

এটা নিঃসংগ
ডুবি মৰা মানুহৰ বাবে সিহঁতে ভাবি উলিয়াব পৰা এক চমৎকাৰ অ
ন্ত্যোষ্টিক্ৰিয়া আছিল সেয়া৷ ওচৰৰ গাওঁবোৰৰ পৰা ফুল আনিবলৈ যোৱা
তিৰোতা কেইজনীৰ লগত সেই তিৰোতাবোৰো গাওঁখনলৈ আহিল
, যিবোৰে সিহঁতক কোৱা কথাখিনি বিশ্বাস কৰিব পৰা নাছিল৷ মৰা
মানুহটোক দেখাৰ পাছত তিৰোতাবোৰ ফুল বিচাৰি উভতি গ
ল আৰু অৱশেষত ইমান ফুল আৰু মানুহ গোট খালে যে খোজ কাঢ়িবলৈও ঠাইৰ নাটনি হল৷ শেষ মুহূৰ্তটোত মানুহটোক অনাথ ৰূপে পানীত বিসৰ্জন দিব
লগা হোৱাত সিহঁত যন্ত্ৰণাবিদ্ধ হৈ পৰিল আৰু আটাইতকৈ ভাল মানুহহালক তাৰ মাক আৰু
দেউতাক পাতি দিলে
, তাৰ বাবে
মামাক-মামীয়েক
, দদায়েক-খুৰীয়েক, ভাগিন-ভতিজা আদি সম্বন্ধী লোকবোৰ বিচাৰি উলিয়ালে আৰু এনেদৰে
সমগ্ৰ গাওঁখনেই ইস্তেবানৰ আত্মীয় হৈ পৰিল৷ দূৰৰ পৰা কান্দোনৰ শব্দ শুনি নাৱিকবোৰ
পথভ্ৰষ্ট হ
ল৷ প্ৰাচীন কালৰ আখ্যান মনত পেলাই
জাহাজৰ মূল মাস্তুলৰ লগত নিজকে সাঙুৰি বান্ধি পেলোৱা এটা মানুহৰ কথাও শুনিবলৈ পোৱা
, থিয়গৰাত খোপনি পুতি
পুতি কান্ধত মৃতহেদটো লৈ আগবাঢ়িবলৈ চেষ্টা কৰি থাকোতে পুৰুষ আৰু তিৰোতাবোৰে ডুবি
মৰা মানুহটোৰ মোহনীয়তা
, দীপ্তি আৰু
সৌন্দৰ্যৰ সমুখত সিহঁতৰ ৰাস্তাবোৰৰ বিষণ্ণ
, পৰিত্যক্ত ৰূপ, চোতালবোৰলৈ আহি পৰা
শুকান শুকান ভাব আৰু নিজৰ সপোনবোৰৰ পৰিসীমাৰ বিষয়ে প্ৰথমবাৰ উপলব্ধি কৰিলে৷ ৰছীৰে
নবন্ধাকৈয়ে সিহঁতে তাক এৰি দিলে
, যাতে সি যদি বিচাৰে
আৰু যেতিয়াই বিচাৰে
, উলটি আহিব পৰে৷
কেইবা শতিকা জোৰা এটি ভগ্নাংশৰ বাবে শৰীৰটোৱে একেবাৰে তলৰ ফালে গতি কৰিবলৈ লোৱাৰ
সময়লৈ
,
মানুহবোৰৰ উশাহ কোনোমতেহে চলি থাকিল৷ এই কথা জানিবৰ বাবে
কোনেও কাৰো মুখলৈ চাব লগা নহ
ল যে সিহঁত সেই
স্থান আৰু কালত নাছিল
, সিহঁত ভৱিষ্যতেও
আৰু নাথাকিব৷

সিহঁত
সকলোৱে জানিছিল
, তেতিয়াৰ পৰা সকলোবোৰ বেলেগ হৈ পৰিব, সিহঁতৰ ঘৰৰ দুৱাৰবোৰ আহল বহল হ, ছিলিংবোৰ ওখ হ, মজিয়াবোৰ হব দৃঢ় কঠিন; যাতে দুৱাৰৰ চৌকাঠত খুন্দাখুন্দি নলগাকৈ ইস্তেবানৰ স্মৃতিবোৰ ইফালে-সিফালে
ঘূৰি ফুৰিব পাৰে৷ যাতে ভৱিষ্যতে কোনেও এইদৰে ফুচ্‌ফুচাই ক
বলৈ সাহস নকৰেসেই প্ৰকাণ্ড অজগৌটো মৰিল, নাইবা ধুনীয়া
হেবাংটো মৰিল৷ ইস্তেবানৰ সোঁৱৰণি যুগমীয়া কৰি ৰাখিবলৈ সিহঁতৰ ঘৰবোৰৰ সমুখভাগ
উজ্জ্বল ৰঙেৰে বোলাব আৰু পাচফালে শিলৰ বুকুত নিজৰা খান্দি তাত ফুলৰ গছ ৰুব
, যাতে ভৱিষ্যতৰ বছৰবোৰত মুকলি সমুদ্ৰৰ মাজত ফুলৰ বাগিচাৰ পৰা
অহা গোন্ধত উশাহ ল
বলৈ কষ্ট পাই
যাত্ৰীবাহী জাহাজৰ ভ্ৰমণকাৰীহঁত নিচেই পুৱাতে সাৰ পাই যায় আৰু জাহাজৰ ইউনিফৰ্ম
পৰিহিত কেপ্তেইনে তেওঁৰ আকাশৰ নক্ষত্ৰমণ্ডলী নিৰীক্ষণ কৰা গোটেই লেবৰেটৰীটো
, দিক নিণাৰ্য়ক যন্ত্ৰ আৰু যুদ্ধত জিকা মেডেলবোৰৰ সৈতে তললৈ
নামি আহি দিগন্তত দৃশ্যমান হোৱা গোলাপৰ আগিয়াঠুঁটিটোলৈ আঙুলিয়াই কয়
, চৈধ্যটা ভাষাত কেপ্তেইনে কৈ যাব, ‘সেইফালে চাওক, যিখিনি ঠাইত বতাহ ইমান শান্ত, এনে লাগে যেন
বতাহজাক জলস্তৰৰ তলত শুবলৈহে গৈছে
, সেইখিনি জেগাত, ত বেলিটো ইমান উজ্জ্বল যে বেলিফুলবোৰেও নাজানে ফুলবোৰ
কোনমূৱা হৈ ফুলিব
, হয়, ঠিক সেইখিনি ঠাইতেই ইস্তেবানৰ গাওঁখন৷

Popular Post

ঐতিহাসিক চিঠি