গল্পঃ কমেও এটা পুথিভঁৰালৰ বাবে কিতাপ / সুধা মূৰ্তি

Posted by : translatorsassam
June 11, 2020

মূল
কাহিনী : বুকছ
ফৰ
এট
লীষ্ট
ৱান
লাইব্রেৰী

মূল লিখক : সুধা মূৰ্তি 

 

কমেও এটা পুথিভঁৰালৰ বাবে কিতাপ

  অনুবাদ : অনুৰাধা বৰুৱা


সুধা মূৰ্তি 


মধ্যবিত্ত শিক্ষক পৰিয়াল এটাৰ সদস্য হিচাবে মই অনুভৱ কৰিছিলোঁ যে আন বহুতো শিক্ষক পৰিয়ালৰ দৰেই আমাৰ পৰিয়ালতো ধন সম্পত্তিতকৈ গ্রন্থ আৰু জ্ঞানৰ ওপৰতহে অধিক গুৰুত্ব আৰোপ কৰা হৈছিল

আমাৰ গাঁৱত মোৰ ককাদেউতাক সকলোৱে কেনেধৰণে সন্মান কৰিছিল সেই কথা মোৰ এতিয়াও মনত আছে তেখেত কিন্তু চহকী ব্যক্তি নাছিল আমাৰ ঘৰৰ সন্মুখৰপিনে থকা আঁহত গছজোপাৰ তলত কঠ এখন পাৰি লৈ তাতেই ককাদেউতা বহিছিল সেই সময়ত তেখেতৰ হাতত থাকিছিল একোখন কিতাপ সন্ধিয়াবোৰত ককাদেউতাৰপৰা পৰামৰ্শ বিচাৰি গাঁৱৰ লোকসকল সেই ঠাইতে সমবেত হৈছিল গাঁৱৰ আটাইতকৈ চহকী মানুহজনেও ককাদেউতাৰ আগেৰে পাৰ হৈ যাওতে তেখেতৰ প্রতি সন্মান প্রদৰ্শন কৰিহে গৈছিল মই এবাৰ ককাদেউতাক সুধিছিলোঁ, “শিক্ষকসকলক কিয় সন্মান কৰিব লাগে ?”

উত্তৰত ককাদেউতাই হাঁহি মাৰি সাধুকথা এটা বলৈ ধৰিলে এবাৰ মহাভাৰতৰ প্রখ্যাত ধনুৰ্ধৰ অৰ্জূনক তেঁওৰ কেইজনমান বন্ধুয়ে সুধিছিল, কিয় অৰ্জূনে গুৰু দ্রোণাচাৰ্য্যক ইমান বেছি সন্মান কৰে বৃদ্ধ নিৰ্ধনী দ্রোণাচাৰ্য্য কোনো দেশৰ অধিপতিও নহয়, তেনে ক্ষেত্রত অৰ্জূনে দ্রোণাচাৰ্য্যক ইমান সন্মান কৰাৰ কাৰণ কি ? অৰ্জূনে উত্তৰ দিলে যে এই বিশ্বৰ সকলো বস্তু, ধন সম্পত্তি, হীৰা মুকুতা, সোণ ৰূপ, মাটি বাৰী সকলবোৰ সময়ৰ গতিত লোপ পায় নজহা নপমাকৈ অথবা কোনো ক্ষয় ক্ষতি নোহোৱাকৈ একমাত্র জ্ঞানহে চিৰকাল থাকি যায় যিমানেই তুমি জ্ঞান বিলাই দিবা সিমানেই মহান বা এগৰাকী শিক্ষকে তেঁওৰ ছাত্র ছাত্রীসকলক জ্ঞান বিলায়, সেয়ে মই শিক্ষককে আটাইতকৈ চহকী বুলি ভাবোঁ এই বাবেই এগৰাকী শিক্ষকক ধন সম্পত্তিৰ কাৰণে নহয়, জ্ঞানৰ উৎস হিচাবেহে তেখেতক সন্মান কৰা হয়

শিশু অৱস্থাত মই মোৰ ককাদেউতাৰ লগত গাঁৱৰ পুথিভঁৰালটোলৈ গৈছিলোঁ এটা দুমহলীয়া ঘৰত পুথিভঁৰালটো আছিল তলৰ মহলাত আছিল এখন দোকান আৰু ওপৰ মহলাত পুথিভঁৰালটো ওচৰতে আছিল এজোপা বৃহৎ আঁহত গছ তাৰ তলত এখন পকী মঞ্চ সন্ধিয়া গাঁৱৰ বয়স্ক লোকসকল গোটখাই তাতেই বহি নানা কথা আলোচনা কৰিছিল মোৰ ককাদেউতাও আছিল তাৰ মাজৰে এজন ককাদেউতাই মোক পুথিভঁৰালত থৈ নিজে সেই মেলত বহিছিলগৈ

মই যোৱা পুথিভঁৰালসমূহৰ ভিতৰত গাঁৱৰ সেই পুথিভঁৰালটো আছিল মোৰ জীৱনৰ প্রথম পুথিভঁৰাল পুথিভঁৰালৰ কিতাপৰ আলমিৰাবোৰত চিচাৰ দুৱাৰ লগোৱা আছিল বাবে কিতাপৰ নামবোৰ সহজে পঢ়িব পৰা গৈছিল বাতৰি কাকত আলোচনী সমূহো সুন্দৰকৈ শৃংখলাবদ্ধভাৱে ৰখা হৈছিল পুথিভঁৰালটোত সম্পূৰ্ণ নিৰ্জনতা বিৰাজ কৰিছিল শিশুৰ বাবে থকা কিতাপবোৰ মই তাতেই পঢ়িবলৈ আৰম্ভ কৰিছিলোঁ

সময়বোৰ বাগৰি গৈ থাকিল ময়ো ডাঙৰ হৈ  ১২ বছৰীয়া কিশোৰী এজনীলৈ পৰিণত লোঁ সেই সময়লৈকে গাঁৱৰ পুথিভঁৰালটোৰ আটাইবোৰ কিতাপেই মোৰ পঢ়া হৈ গৈছিল নতুন কিতাপ নথকা বাবে পুথিভঁৰালটোলৈ যাবলৈ মোৰ ভাল নলগা তথাপিও মই ককাদেউতাৰ সৈতে যাবলৈ এৰা নাছিলোঁ

তেনেবোৰ সময়তে এটি সন্ধিয়া আমি ঘৰলৈ উভতি গৈ আছিলোঁ সেইদিনা পুথিভঁৰাললৈ গৈ মোৰ বৰ বেছি আমনি লাগিছিল বাটৰ লাইটবোৰ ঢিমিক ঢামাককৈ জ্বলি থকা বাবে বাটত পোহৰ একেবাৰে কম আছিল ককাদেউতাই ভালকৈ দেখা নাপায় বাবে মই তেঁওৰ হাতত ধৰি লৈ গৈ আছিলোঁ হঠাতে ককাদেউতাই মোক কলে, “মই এটা কবিতাৰ আধাখিনি মাতিম, তুমি পিছৰখিনি মাতিবানে ? কবিতাটো সকলোৱে জনা

মই চেষ্টা কৰিম বুলি কলোঁ এই খেলটো আমি আগতেও খেলিছো এনেকৈ মই কেইবাটাও কবিতা শিকিছো তেঁও লে, “মোৰ যদি দুখন ডেউকা থাকিলহেঁতেন….” মই তৎক্ষণাত উত্তৰ দিলোঁ, “মই ওচৰৰ গাঁৱৰ পুথিভঁৰাললৈ গলোঁহেঁতেন আৰু বহুত কিতাপ পঢ়িলোঁহেঁতেন

ককাদেউতা আচৰিত হৈ আৰু মোক পুণৰাই শাৰীটো মাতিবলৈ লে ময়ো একেধৰণেই শাৰীটো দোহাৰিলোঁ, “মই ওচৰৰ গাঁৱৰ পুথিভঁৰাললৈ গলোঁহেঁতেন আৰু বহুত কিতাপ পঢ়িলোঁহেঁতেন

তেঁও হাঁহিলে আৰু লে, “কবিতাটো তুমি ব্যতিক্রম ভাৱে সম্পূৰ্ণ কৰিলা বাৰু পকৃত কবিতাটো তুমি জানানে নাই ?”

হয়, মই জানো

মোৰ যদি দুখন ডেউকা থাকিলহেঁতেন….

মই নীল আকাশত উৰি ফুৰিলোঁহেঁতেন

মই সুন্দৰ ঠাইবোৰ চালোঁহেঁতেন

মই মহান ব্যক্তিসকলক লগ পালোঁহেঁতেন

মই গুপ্ত সম্পদৰ সন্ধান কৰিলোঁহেঁতেন

ককাদেউতা মনে মনে থাকিল ঘৰ পোৱাৰ পাছত তেঁও কঠখনত বহিল আৰু মোকো কাষলৈ মাতিলে তেখেতক ভাগৰুৱা দেখাইছিল যদিও সুখী যেন লাগিছিল তেঁও মোৰ সৰু সৰু হাত দুখন নিজৰ হাতৰ মাজত লৈ লে, “তুমি জানানে, আমেৰিকা যুক্তৰাষ্ট্রত এন্দ্রিউ কাৰ্ণেগী নামৰ এজন মহান ব্যক্তি আছিল তেখেতে নিজৰ আটাইবোৰ সম্পত্তি নিজৰ সতি সন্ততিক দিয়াৰ সলনি গাঁৱে গাঁৱে গ্রাম্য পুথিভঁৰাল প্রতিষ্ঠা কৰাত খৰচ কৰাৰ বাবে উইল কৰি থৈ গৈছে মই আমেৰিকা দেখা নাই, কিন্তু যিমানবোৰ গ্রাম্য পুথিভঁৰাল তুমি দেখিবা, সকলোতে এন্দ্রিউ কাৰ্ণেগীৰ অৱদান আছে

নাজানো কিমান দিনলৈ মই জীয়াই থাকিম, কিন্তু তুমি আজি কবিতাটো সম্পূৰ্ণ কৰিবলৈ গোৱা শাৰীটোৰ জৰিয়তে মই বুজি পালোঁ তুমি কিতাপ পঢ়ি কিমান ভাল পোৱা আজি তুমি মোক এটা প্রতিশ্রুতি দিয়া, ভৱিষ্যতে তুমি যদি তোমাৰ প্রয়োজনতকৈ অধিক উপাৰ্জন কৰিব পাৰা , তেন্তে কমেও এটা পুথিভঁৰালৰ বাবে তুমি কিতাপ কিনি দিবা

জাৰকালিৰ সেই সন্ধিয়াটিত মোৰ হাতত ককাদেউতাৰ খহতা হাতৰ উত্তাপ মই আজিও অনুভৱ কৰোঁ মোৰ শিক্ষক ককাদেউতাই ব্লেকবোৰ্ডত চক পেঞ্চিলেৰে প্রতিদিনে লিখোঁতে লিখোঁতে ৰুক্ষ হৈ পৰা হাতেৰে মোৰ ককাদেউতা আছিল  জ্ঞান আৰু অভিজ্ঞতাৰে সমৃদ্ধ এজন বৃদ্ধ

পাছলৈ মোৰ জীৱনত যথেষ্ট টকা পইছা আহিল তাহানিতে ককাদেউতাক দিয়া প্রতিশ্রুতি মই পূৰণ কৰিলোঁ ইনফচিচ ফাউণ্ডেছনৰ তৰফৰপৰা আমি তেনে ধৰণৰ দহ হাজাৰ পুথিভঁৰাললৈ কিতাপ কিনি আগবঢ়াইছোঁ

 

  

উৎস গ্ৰন্থ : হাউ আই মাই গ্রেণ্ডমাডাৰ টু ৰীড এণ্ড আদাৰ ষ্টৰীজ

  

 

Popular Post

ঐতিহাসিক চিঠি