কবিতাঃ এই চহৰৰ বৰষুণ / মৃণ্ময় চক্ৰৱৰ্তী

Posted by : translatorsassam
June 28, 2020

এই চহৰৰ বৰষুণ


মূল বাংলা : “এই শহরের বৃষ্টি”

কবি : মৃন্ময় চক্ৰবৰ্তী

অসমীয়া ভাঙনি ঃ বাপুকণ চৌধুৰী



 

এই চহৰত আগে ইমান বাতানুকুল এ.চি. বোৰ
নাছিল
,

আজি কালি চহৰৰ বৰ চাহাববোৰে গৰমত বৰ ধৰফৰায়

হৰেণ দাসে কাচাৰীৰ অফিচ সময়ত কচুৰী চিংৰা
বোৰ ভাজে
,

বৰ চাহাববোৰে যে মিঠা খাবলৈ ভয় কৰে বৰ
!!

 

কাষৰ প্ৰকাণ্ড অফিচটোৰ পৰা এ.চি. ৰ গৰম
বতাহবোৰ আহে
,

কাষেৰে চলি থকা গাড়ীবোৰেও বতাহবোৰ গৰম
কৰি তোলে
,

কচুৰী চিংৰা খাই বৰ চাহাব বোৰে অভিযোগ
কৰে
,

এইবাৰ গৰমত আৰু নোৱাৰিছো দেউ,

গাড়ীখনতো এ.চি. লগালো নোৱাৰাত পৰি••••

 

হৰেণ দাসে কচুৰী চিংৰা ভাজি আপোন মনে
শুনে

কানৰ কাষেৰে বৈ আহে অবাধ্য ঘামৰ ঢল,

তাৰ মাজতেই উৰি যায়••••

নলবাৰীৰ ঘগ্ৰাপাৰ

প্ৰচণ্ড ৰদত পত্নী আৰু মাতৃয়ে পথাৰত অপতৃণ গুচায়,

তিনিশ টকা হাজিৰা যত !!

 

ৰাতি হলে হৰেণ দাস যাব মনিপুৰী বস্তিৰ ভাড়াঘৰত

কেৰেক মেৰেক অকাঠী কাঠৰ খাট,

তাতেই পৰি থাকে হৰেণ দাস !!!!

ভল্টেজ নেথাকে ৰাতি,

ফেনখনে চৈধ্য গোষ্ঠী উদ্ধাৰি যায়,

মহ বোৰে হৰেণ দাসৰ উদং শৰীৰত হেঁপাহেৰে

চুমা খায় ৷৷

 

বৰ চাহাব বোৰে কথা কব জানে,

আকাশত মেঘৰ আচল দেখিলেই কবিতা লিখে

কচুৰী আৰু চিংৰাৰ সোৱাদ লৈ ••••

হৰেণ দাসেও ভাবে এই চহৰত বৃষ্টি নামক,

আৰু যে নোৱাৰি বাচিব,

তথাপিও বৰষুণ জাক পাতলীয়া হওঁক

নহলে যে উটি যাব ভাড়া ঘৰ !!

বৰ চাহাব বোৰৰ বিষ্ঠাবোৰ সোমাবহি হৰেণ
দাসৰ আখলত অথবা বাচন বাতি বোৰত
••••

কাৰণ,

হৰেণ দাসে কবিতা লিখিব নাজানে,

তেওঁ মাথো কচুৰী চিংৰা হে ভাজিব জানে

কাচাৰীৰ অফিচ সময়ত !!!!

Popular Post

ঐতিহাসিক চিঠি