কবিতাঃ উভতি যাওঁ / দাউদ হায়দৰ

Posted by : translatorsassam
June 11, 2020

উভতি যাওঁ (ফিৰে যাচ্ছি)


অসমীয়া ভাঙনি ঃ  খগেশ সেন ডেকা

মূল (বাংলা)  ঃ দাউদ হায়দৰ


মৃতসকলৰ চকুবোৰ পুনৰ বিজুলী বাতিৰ দৰে
তিৰবিৰাই উঠিল

সন্ধিয়া সাত বজাৰ পাছত কবৰস্তানত
অমাৱস্যাৰ ৰাতি মাজে মাজে বৰষুণ৷

মই ভৰা যমুনাত কালি এটা গৰ্ভৱতী হালধীয়া জোন
ডুব যোৱা দেখিছোঁ৷

যেন শ্যামৰ বাঁহীৰ পৰা ছিটিকি ওলাই আহিছে
যেন অভাৱী সংসাৰৰ জ্বালাতব পাৰি গৃহত্যাগী
ৰমণীৰ আত্নহত্যা৷

পুনৰ মিছিল শ্লোগান জাগ্ৰত ভিক্ষুক চিৎকাৰ
বিয়াৰ সজোৱা গাড়ী

গাড়ী ভৰ্তি পুৰুষ মহিলা ৰেডিঅত মাহফুজা আখতাৰৰ ৰবীন্দ্ৰ সংগীত
ধূলি ভৰ্তি ৰুটি সেকা চৌকা
অভিনেত্ৰীৰ নগ্নদেহ পৰিয়াল পৰিকল্পনা চিটা লওক কলেৰা বসন্তৰ
দৰকাৰী বিজ্ঞাপন
অতিক্ৰম কৰি গৈছিলোঁ
ৰেল ধৰিম ৰাতি দহ বজাত৷

মৃতসকল মোৰ লগত যোগ হ,
গীত গালে অকস্মাৎ
অতলান্ত পানীৰ উদৰ ভেদি জঁপিয়াই উঠিল মাছযেন শব্দ হল চপৰা দলিওৱাৰ৷

কোনোবা আছিল মাতাল নিয়ন্ত্ৰণহীন প্ৰেমিক
জুৱাৰী মন্ত্ৰী

অশ্বাৰোহী সৈনিক আততায়ী নামাজী কৃষক সমাজকৰ্মী বেশ্যাৰ
দালাল পুঁজিপতি

ৰেল ধৰিম, যাম ৰূপনাৰাণৰ তীৰলৈ৷

মই ভুৱনডাঙ্গাৰ অধিবাসী
কাল বহাগৰ ধুমুহাত, মৰ গধূলি বেলা
পুখুৰীৰ পানীত মোৰ অনুজৰ

মৃত্যু হৈছিল
আব্বা তেতিয়া মছজিদত, মা কত জানো ছাগলী বিচাৰি ঘূৰি ফুৰিছিল
জালুকনিত পোৱা গৈছিল এটি অকণমানি ব্লাউজ মোৰ সহোদৰাৰ
পিছদিনা পুৱা৷

মই এতিয়া মৃতসকলৰ সংগী অথবা মৃতসকল মোৰ
সুধিলোঁ : বৰ্তমান পৰিস্থিতি কেনে নিমখৰ সেৰ কিমান মাছ কি
উধাও

তেল পোৱা যায়েনে ঠিক মতে কাপোৰ কি ভাৰত ৰাছিয়াৰ পৰা আনে ?

মৃতসকল ঘূৰি থিয় হ,
আগুৰি ধৰিলে মোক
যাব খুজিছিলোঁ ৰূপনাৰাণৰ তীৰলৈ
ভালেই আছোঁ, ভালেই আছিলোঁ
তাত কোনো ক্ষমতাৰ ৰাজনীতি দ্বন্দ্ব অথবা বুভুক্ষুৰ
চিন্তা আৰু চিৎকাৰ নাইএতেকে
উভতি যাওঁ৷

 

Popular Post

ঐতিহাসিক চিঠি